ছিডনী টেষ্টত প্ৰথম দিনা শক্তিশালী স্থিতিত ভাৰত

w

ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ৪ৰ্থখন টেষ্টৰ প্ৰথম দিনাই ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে৷ ভাৰতৰ স্থিতি শক্তিশালী কৰাত মুখ্য ভূমিকা পালন কৰে চেতেশ্বৰ পূজাৰাই৷ আজি পূজাৰাই তেওঁৰ টেষ্ট কেৰিয়াৰৰ ১৮ সংখ্যক চেঞ্চুৰী কৰে৷ প্ৰথম দিনৰ খেলৰ সমাপ্তিলৈকে পুজাৰা ১৩০ ৰাণত নট আউট হৈ আছে৷ পূজাৰাৰ সৈতে হনুমা বিহাৰীয়ে ৩৯ ৰাণ কৰি বেটিং কৰি আছে৷

পূজাৰাৰ চেঞ্চুৰীৰ বাবেই প্ৰথম দিনৰ সমাপ্তিত ভাৰত স্ক'ৰ চাৰি উইকেটত ৩০৩ ৰাণ হয় গৈ৷ আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত চেঞ্চুৰী কৰি পূজাৰাই অষ্ট্ৰেলিয়াৰ ভূমিত একেটা শৃংখলাত আলহী দলৰ হৈ একেৰাহে তিনিখন টেষ্টত চেঞ্চুৰী কৰাৰ ভাৰতৰ ভূতপূৰ্ব অধিনায়ক সুনীল গাভাস্কাৰৰ অভিলেখ স্পর্শ কৰিলে৷

গাভাস্কাৰে ১৯৭৭-৭৮ বৰ্ষৰ অষ্ট্ৰেলিয়া ভ্ৰমণত একেৰাহে তিনিখন টেষ্টত চেঞ্চুৰী কৰিছিল৷ আজি ভাৰতৰ হৈ ময়ংক আগৰৱালাই ৭৭, বিৰাট কোহলীয়ে ২৩ আৰু অজিংকা ৰাহানেই ১৮ ৰাণ কৰে৷ ভাৰতৰ অধিনায়ক কোহলীয়ে টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ভাৰতৰ আৰম্ভণী অৱশ্যে সুখকৰ নাছিল৷ অপেনাৰ কে এল ৰাহুলক ৯ ৰাণত জছ হেজলউডে আউট কৰিবলৈ সক্ষম হৈছিল৷

ইয়াৰ পিছত চেতেশ্বৰ পূজাৰাই ময়ংক আগৰৱালাৰ সৈতে অষ্ট্ৰেলিয়াৰ বলাৰক দৃঢ়তাৰে খেলি ভাৰতৰ ইনিছ সুদৃঢ় কৰে৷ প্ৰথম দিনৰ খেলত অষ্ট্ৰেলিয়াৰ বলাৰৰ বলিং ভাৰতীয় বেটছমেনসকলৰ সন্মুখত দুৰ্বল হিচাপে প্ৰতিপন্ন হয়৷

Your Comments