চীনে মহাকাশ অভিযানৰ ক্ষেত্ৰত এটা অসামান্য সফলতা অৰ্জন কৰিছে৷ চীনৰ মহাকাশযান চন্দ্ৰৰ সেইটো অংশত অৱতৰণ কৰিছে, যিটো অংশ পৃথিৱীৰ পৰা প্ৰত্যক্ষ কৰা নহয়৷ উল্লেখ্য যে চন্দ্ৰৰ উক্ত অংশত মহাকাশযান অৱতৰণ কৰাবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে চীন৷
পৃথিৱীৰ পৰা কদাপি প্ৰত্যক্ষ নোহোৱা চন্দ্ৰৰ অংশত অৱতৰণ কৰিলে চীনৰ মহাকাশযান 'চাং-৪'৷ আজি ১০.২৬ বজাত (বেইজিঙৰ সময় অনুসৰি) চাং-৪-এ ১৭৭.৬ ডিগ্ৰী পূৰ্ব দেশান্তৰ আৰু ৪৫.৫ ডিগ্ৰী দক্ষিণ অক্ষাংশত চন্দ্ৰত অৱতৰণ কৰে৷ চীনৰ মহাকাশ অভিযানৰ এই সফলতাক বিশ্বজুৰি মহাকাশ বিজ্ঞানীসকলে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷
চীন যে বৰ্তমান মহাকাশ অভিযানৰ এটা বৃহৎ শক্তি, সেই কথা মাৰ্কিন যুক্তৰাষ্ট্ৰ প্ৰমুখ্যে মহাকাশ অভিযানৰ আগৰণুৱা ৰাষ্ট্ৰসমূহে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷
এই খিনিতে উল্লেখ কৰিব লাগিব যে ২০১৩ চনত চীনৰ 'চাং-৩' মহাকাশযানখনে চন্দ্ৰত অৱতৰণ কৰিছিল৷ ১৯৭৬ চনৰ পিছত জোনবাইত অৱতৰণ কৰা এইখন প্ৰথমখন মহাকাশযান আছিল৷ বিগত বৰ্ষৰ ৮ ডিচেম্বৰত চীনে যানখন উৎক্ষেপন কৰিছিল৷ চাং-৪-এ চন্দ্ৰৰ 'ডাৰ্ক ছাইদ'ত অৱতৰণ কৰাৰ পিছত উক্ত অংশত থকা খনিজাত পদাৰ্থৰ বিষয়ে অনুসন্ধান কৰিব৷ যানখনৰ উক্ত অনুসন্ধানত প্ৰাপ্ত তথ্য মহাকাশ বিজ্ঞানীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হ'ব৷
- Log in to post comments
- 36 views