হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত আকস্মিক পৰিদৰ্শন ৰাজহমন্ত্ৰীৰ

হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত আকস্মিক পৰিদৰ্শন ৰাজহমন্ত্ৰীৰ

ৰাজহ মন্ত্ৰী ভৱেশ কলিতাই আজি হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত হঠাৎ উপস্থিত হৈ বিভিন্ন কামকাজৰ বুজ লয়।কাৰ্যালয়টোত উপস্থিত হৈয়ে মন্ত্ৰী কলিতাই ৰাজহ চক্ৰ বিষয়া গৰাকীৰ লগতে কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীৰ লগত আলোচনাত মিলিত হৈ তেওঁলোকৰ অভাৱ অভিযোগ আৰু কাৰ্যালয়টোৱে সন্মুখীন হৈ অহা নানা সমস্যাৰ বুজ লয়।

কাৰ্যালয়টোত কামৰ বাবে অহা লোকসকলে যাতে কোনো প্ৰকাৰে অসুবিধাত নপৰে তাৰ প্ৰতিয়ো সকলো বিষয়া কৰ্মচাৰীকে সদা সচেতন হৈ থাকিবলৈ  আহ্বান জনায়। বিগত সময়চোৱাত কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী সকলৰ ওপৰত থকা অভিযোগ যাতে আৰু সুনিবলগীয়া নহয় তাৰ প্ৰতি কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীকে সজাগ থাকিবলৈও মন্ত্ৰী গৰাকীয়ে উক্ত পৰিদৰ্শন কালতে সকলোকে সকীয়াই দিয়ে।

মন্ত্ৰীৰ এই ভ্ৰমনৰ সময়তে স্থানীয় কেইবাজনো লোকে কাৰ্যালয়টোত সন্মুখীন হৈ অহা কিছু হোৱা সমস্যাৰ কথাও অৱগত কৰে আৰু মন্ত্রী কলিতায়ো তেওঁলোকৰ সমস্যা সমূহ শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী সকলক নিৰ্দেশ দিয়ে।
 

Your Comments