দৰং জিলাৰ ১০টা ৱাৰ্ডেৰে গঠিত মঙলদৈ পৌৰসভাৰ পৌৰপতিৰ বিৰুদ্ধে পৌৰসভাৰ ৯গৰাকী খণ্ড আয়ুক্তই সোমবাৰে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। পৌৰপতিলৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰা মতে মঙলদৈ পৌৰসভা এলেকাৰ সকলো ধৰণৰ উন্নয়ন স্তব্ধ হৈ পৰাৰ লগতে নগৰ অঞ্চলৰ উন্নয়ন প্ৰক্ৰিয়া পৌৰপতিগৰাকীৰ কাৰ্যকালত বৈয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি অভিযোগ কৰে খণ্ড আয়ুক্তসকলে।
ইয়াৰ উপৰি ৰাজহুৱা উন্নয়ন প্ৰক্ৰিয়াৰ স্বাৰ্থত ব্যাঘাত জন্মাৰ লগতে বৰ্তমানৰ পৌৰপতিৰ কাৰ্যকালৰ সময়ছোৱাত পৌৰসভা কাৰ্যালয়ৰ প্ৰশাসনিক দিশো বিনষ্ট হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অনাস্থাকাৰীসকলে। বৰ্তমানৰ পৌৰপতিগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰি থাকিলে ৰাজহুৱা স্বাৰ্থ বিনষ্ট হ'ব বুলিও আশংকা প্ৰকাশ কৰে খণ্ড আয়ুক্তসকলে।
এনে পৰিস্থিতিত পৌৰপতিৰ ওপৰত অনাস্থা প্ৰস্তাৱ আলোচনাৰ বাবে অসম পৌৰ আইনৰ নিয়ম অনুযায়ী এখনি বিশেষ সভা অনুষ্ঠিত কৰিবলৈ পত্ৰযোগে পৌৰপতিক আহবান জনায়। অনাস্থা প্ৰস্তাৱত স্বাক্ষৰকাৰীসকল ক্ৰমে ১নং ৱাৰ্ডৰ স্মৃতি ৰাণী দাস, ২নং ৱাৰ্ডৰ ভাৰতী দাস, ৩নং ৱাৰ্ডৰ জীৱন শীল শৰ্মা, ৪নং ৱাৰ্ডৰ মামন পাল, ৫নং ৱাৰ্ডৰ জাহানাৰা বেগম, ৬নং ৱাৰ্ডৰ ৰুমি কলিতা, ৭নং ৱাৰ্ডৰ মৃণালী বৰা, ৮নং ৱাৰ্ডৰ জিংকুল আলি আৰু ৯নং ৱাৰ্ডৰ গিৰীশ শইকীয়া।
ইপিনে এই অনাস্থাক লৈ সচেতন মহলে পৌৰসভাৰ উন্নয়নত পিঠি দি ক্ষমতাৰ স্বাৰ্থত দলীয় নীতি-আৰ্দশ বিসৰ্জন দিয়া বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পূৰ্বতেও অনাস্থা আনি বাঘে-ছাগে একেলগে পৌৰসভা গঠন তথা উক্ত প্ৰক্ৰিয়া আদালতৰ মাজলৈ যোৱাও নজিৰ আছে।
কেৱল ক্ষমতাৰ স্বাৰ্থতে সংখ্যাগৰিষ্ঠ বিজেপি দলৰ পৌৰপতিগৰাকীৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱত কংগ্ৰেছৰ পাঁচগৰাকী সদস্যৰে মিলি পৌৰপতিগৰাকীৰ বিৰুদ্ধে বিজেপিৰ চাৰিগৰাকী সদস্যই অনাস্থাত স্বাক্ষৰ কৰে। বিজেপিৰ সদস্যকেইগৰাকীয়ে কংগ্ৰেছৰ সদস্য পাঁচগৰাকীৰে মিলি মঙলদৈৰ সাংসদগৰাকীৰ ঘনিষ্ঠৰূপে পৰিচিত জীৱন শীল শৰ্মাক পৌৰপতি হিচাপে নিৰ্বাচিত কৰাৰ পৰিকল্পনা কৰিছে।
- Log in to post comments
- 93 views
