জেপিচিৰ চূড়ান্ত বিশ্বাসঘাতকতা : পহিলা জানুৱাৰীৰ পৰাই জাতীয় দল-সংগঠনৰ তীব্ৰ আন্দোলন

ো

অসমৰ দল-সংগঠন তথা সমূহ খিলঞ্জীয়া ৰাইজে তীব্ৰ বিৰোধিতা কৰাৰ পাছতো জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ মোডী চৰকাৰে উত্থাপন কৰিব সংসদৰ চলিত অধিবেশনতে। সেই ভয়ংকৰ কথা স্পষ্ট কৰিলে ৩১ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰ আৰু সংসদৰ যুটীয়া সমিতিৰ বৈঠকে। কাৰণ ৰাজেন্দ্ৰ সিং নেতৃত্বাধীন সংসদৰ যুটীয়া সমিতিখনে উক্ত বৈঠকখনতে বিধেয়কখনৰ সংশোধনী প্ৰস্তাৱ নাকচ কৰি প্ৰতিবেদন দাখিল কৰিলে বিধেয়কখনৰ সপক্ষে।

অহা ৭ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব বিধেয়কখন। এই কথা স্পষ্ট হোৱাৰ পিছতেই এতিয়া গৰজি উঠিছে অসমৰ প্ৰতিটো জাতীয় দল-সংগঠন। সকলোৱে একেমুখে জেপিচিৰ এই পক্ষপাতিত্বমূলক ভূমিকাক ধিক্কাৰ দিয়াৰ লগতে ঘোষণা কৰিছে যে জাতিক ৰক্ষাৰ কৰাৰ স্বাৰ্থত ২০১৯ বর্ষৰ প্ৰথম দিনটোৰ পৰাই আন্দোলনত নামিব অসমৰ বহুকেইটা দল-সংগঠন। সকলো দল-সংগঠনে উল্লেখ কৰিছে যে ২০১৯ বর্ষতো জাতিৰ বাবে প্ৰতিৰোধৰ বর্ষ হিচাপে চিহ্নিত হ'ব৷

সেই হিচাপে কৃষক নেতা অখিল গগৈয়ে আজিৰ দিনটোৰ পৰাই বিধেয়কৰ বিৰোধিতাৰে অনশন কাৰ্যসূচী আৰম্ভ কৰিছে৷ আনহাতে, অসমৰ ৭০টাকৈ জাতীয় সংগঠনে ২ জানুৱাৰীত ঘোষণা কৰিব বিধেয়ক বিৰোধিতাৰে পৰৱৰ্তী কাৰ্যসূচী। কৃষক নেতা অখিল গগৈসহ ৭০তাকৈ জাতীয় সংগঠনে উল্লেখ কৰিছে যে জেপিচিয়ে অসমবাসী ৰাইজক প্ৰতাৰণা কৰি বিধেয়কৰ সপক্ষে মত দান কৰাটো চূড়ান্ত বিশ্বাসঘাতকতা।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়- 'পূৰ্বৰ পৰাই আমি জেপিচি যে নিৰপেক্ষ নহয়, সেই কথাটো কৈ আহিছিলোঁ আৰু সেয়াই বাস্তৱত দেখা গ'ল। জেপিচিয়ে পূৰ্বৰ পৰাই বিধেয়কৰ সপক্ষে প্ৰতিবেদন দিবলৈ সাজু আছিল। অসমৰ মানুহক মোডীয়ে নৱবর্ষত বিশ্বাসঘাতকতা উপহাৰ দিছে।' সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে এয়া বিজেপি দল আৰু চৰকাৰৰ এটা ৰাজনৈতিক অবিচাৰ।

এই বিষয়ত পূৰ্বেও আন্দোলন চলিছিল আৰু এতিয়াও চলি থাকিব৷ লগতে তেওঁ কয় যে জেপিচি প্ৰতিবেদন সম্পূৰ্ণ নহয়, এয়া অসম্পূৰ্ণ প্ৰতিবেদন। কাৰণ সকলো অসমবাসী ৰাইজৰ মতামত নোলোৱাকৈ জেপিচিয়ে প্ৰতিবেদন দাখিল কৰিছে৷ ই কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। ডঃ ভট্টাচাৰ্যই উল্লেখ কৰে যে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ নাগৰিকৰ মত ল'ম বুলি কৈয়ো মতামত ল'বলৈ নাহিল জেপিচি৷ ইয়াতেই স্পষ্ট হৈছে যে জেপিচি বিশ্বাসঘাতক আৰু নিৰপেক্ষ নহয়। লগতে তেওঁ কয় যে অসমৰ ৰাইজৰ ওপৰত বলপূৰ্বকভাৱে বিধেয়কখন জাপি দিবলৈ লৈছে৷

কিন্তু আমি কেতিয়াও কোনো কাৰণতে বিধেয়কখন গ্ৰহণ কৰিব নোৱাৰোঁ৷ অসম চৰকাৰক প্ৰত্যাহ্বান জনাই ডঃ ভট্টাচাৰ্যই কয় যে যদি চৰকাৰৰ সাহস আছে, তেন্তে বিধেয়কখন বিৰোধিতা কৰি দেখুৱাওক। ইফালে কৃষক নেতা অখিল গগৈয়ে আছু সহিতে অসমৰ প্ৰতিটো দল-সংগঠনক আহ্বান জনাই কয় যে জাতিৰ স্বাৰ্থত এতিয়া সকলো একলগ হৈ আন্দোলন কৰিব লাগে৷ অসম গণ পৰিষদক মিত্ৰতাৰ পৰা ওলাই আহিবলৈ কৃষক নেতাজনে আহ্বান জনায়।

Your Comments