গুৱাহাটী জে বি আইন মহাবিদ্যালয়ত দুৰ্নীতি : এল এল এমৰ নামভৰ্তিত ব্যাপক খেলিমেলিৰ অভিযোগ

গুৱাহাটী জে বি আইন মহাবিদ্যালয়ত দুৰ্নীতি : এল এল এমৰ নামভৰ্তিত ব্যাপক খেলিমেলিৰ অভিযোগ

নীতি বহিৰ্ভূতভাৱে পৰিচালিত হৈছে গুৱাহাটী জে বি আইন মহাবিদ্যালয়।অধ্যক্ষৰ নিজ খেয়াল-খুচি মতেই চলে এতিয়া আইনৰ উচ্চ শিক্ষানুষ্ঠানখনত নামভৰ্তি-বাছনি পৰীক্ষা। ধনৰ বিনিময়ত এতিয়া মহাবিদ্যালয়খনত বিক্ৰী হৈছে ২০১৯ বর্ষৰ বাবে এল এল এমৰ আসন।

মহাবিদ্যালয়খনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ দুৰ্নীতিবিৰোধী যুৱ-শক্তি অসমৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এক সংবাদমেল সম্বোধন কৰি তথ্যসহকাৰে উল্লেখ কৰে আইন মহাবিদ্যালয়খনত এল এল এমৰ ২০১৯ বর্ষৰ নামভৰ্তি প্ৰক্ৰিয়াত হোৱা ব্যাপক খেলিমেলিৰ কথা।

সেই অনুযায়ী তেওঁ জানিবলৈ দিয়ে যে উচ্চ শিক্ষা প্ৰতিষ্ঠানখনে ২০১৯ বর্ষৰ বাবে এল এল এমৰ ৫১খন আসনৰ নামভৰ্তিৰ বাবে জাননী জাৰি কৰিছিল। আৰু সেই জাননীৰ পাছত সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অনলাইনৰ জৰিয়তে আবেদন কৰিছিল এল এল এমৰ পাঠ্যক্ৰমৰ বাবে।

যিহেতু মহাবিদ্যালয়খন চৰকাৰী নহয়, তাৰবাবে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিচালনা সমিতিয়ে আবেদনকাৰীসকলৰ আবেদনসমূহ পৰীক্ষাৰ কৰি যোৱা ২২ ডিচেম্বৰ তাৰিখে মুঠ ১২জন আবেদনকাৰীৰ আবেদন নাকচ কৰিছিল উপযুক্ত নথি-পত্ৰ আবেদনৰ লগত নথকা বাবে।

সেই সম্পৰ্কত মহাবিদ্যালয়খনৰ ৱেবছাইটতো কৰ্তৃপক্ষই প্রকাশ কৰিছে জাননী। ঠিক সেইদৰে বাকী আবেদনকাৰীসকলক নিৰ্বাচন কৰাৰ বাবে ২৪ ডিচেম্বৰ তাৰিখে আইন মহাবিদ্যালয়খনে অনুষ্ঠিত কৰিছিল ৫১খন আসনৰ বাবে বাছনি পৰীক্ষাৰ। যোৱা ২৯ ডিচেম্বৰ তাৰিখৰ দিনা উক্ত বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল মহাবিদ্যালয়খনে।

কিন্তু তাৎপৰ্যপূৰ্ণ কথা এই যে উপযুক্ত নথি নথকা বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই ২২ ডিচেম্বৰ দিনা নাকচ কৰা ১২জন আবেদনকাৰীৰ দুজনৰ নাম আহিল চূড়ান্ত বাছনি তালিকাত আৰু প্ৰতীক্ষা তালিকাত। তেওঁলোক হৈছে আবেদন নম্বৰ (৬২) দাদুল কলিতা আৰু আবেদন নম্বৰ (৭১) অৰুণাচলৰ অমেম আপাং।

এই কথা আজি সংবাদমেলত জানিবলৈ দিয়ে দুৰ্নীতিবিৰোধী যুৱ-শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে। তেওঁ লগতে কয় যে এই অনিয়মৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছে জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মালবিকা তালুকদাৰ। কাৰণ তেওঁলোকৰ ৱেবছাইটত উপলব্ধ এই জাননীসমূহত সম্পূৰ্ণ স্বাক্ষৰ আছে অধ্যক্ষগৰাকীৰ।

ইয়াতে উল্লেখযোগ্য কথা এই যে আজি কেইদিনমানৰ পূৰ্বে ৰেজিষ্টাৰ্ড ছ'চাইটীৰ অধীনত থকা আইন মহাবিদ্যালয়খনে পঞ্জীয়ন নকৰাকৈ নীতি বহিৰ্ভূতভাৱে চলাই থকা কথাও সংবাদমেল পাতি ঘোষণা কৰিছিল দুৰ্নীতিবিৰোধী যুৱ-শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

আনহাতে, আজি ঘটনাটো পোহৰলৈ অহাৰ পাছত সংগঠনটোৱে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে চানমাৰি আৰক্ষী চকীত এটা গোচৰ দিয়া বুলিও জানিবলৈ দিয়ে আজি সংবাদমেলত।
 

Your Comments