বঙাইগাঁৱৰ চাৰিটা কেন্দ্ৰত অনুষ্ঠিত হ'ল এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা

বঙাইগাঁৱৰ চাৰিটা কেন্দ্ৰত অনুষ্ঠিত হ'ল এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা

আজি ৰাজ্যখনৰ কে'বাখনো জিলাৰ লগতে বঙাইগাঁও জিলাতো অসম লোকসেৱা আয়োগৰ দ্বাৰা সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰা হয়৷ জিলাখনৰ বঙাইগাঁও চহৰৰ বঙাইগাঁও মহাবিদ্যালয়, বীৰঝৰা কন্যা মহাবিদ্যালয়, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বঙাইগাঁও ৰে'লৱে' উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হয়।

বঙাইগাঁৱৰ চাৰিটা কেন্দ্ৰত অনুষ্ঠিত হ'ল এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা

চাৰিওটা পৰীক্ষা কেন্দ্ৰ মিলি পুৱা আৰু আবেলি মুঠ ১,৫৬৬গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হয়। এই প্ৰাৰম্ভিক পৰীক্ষা চলাই নিয়াৰ বাবে বঙাইগাঁও জিলাৰ বাবে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসক নোডেল বিষয়া হিচাপে নিযুক্ত কৰা হয় আৰু অতিৰিক্ত উপায়ুক্ত অশ্ৰুমণি মালাকাৰ, কান্তা দাস, অনুপম ডেকা আৰু কাৰ্যবাহী দণ্ডাধীশ পাৰ্থপ্ৰতীম খনিকৰক পৰীক্ষাকেন্দ্ৰসমূহৰ দায়িত্ব দিয়া হয়।

পুৱা বঙাইগাঁও কোষাগাৰৰ পৰা প্ৰশ্নকাকতসমূহ লোৱা হয় আৰু কেন্দ্ৰসমূহলৈ দায়িত্বপ্ৰাপ্ত বিষয়াসকলে লৈ যায়। প্ৰশ্নকাকতসমূহ লৈ যোৱাৰ পৰা পৰীক্ষা শেষ হোৱা পৰ্যন্ত সকলো দৃশ্য ভিডিঅ'গ্ৰাফী কৰা হয়। উল্লেখ্য যে আজিয়েই উত্তৰবহীসমূহ গুৱাহাটীলৈ লৈ যোৱা হ'ব ।
 

Your Comments