উজ্জ্বলা আঁচনিৰ ৰূপায়নত ব্যাপক দুৰ্নীতি

উজ্জ্বলা আঁচনিৰ ৰূপায়নত ব্যাপক দুৰ্নীতি

দুৰ্নীতি বিৰোধী যুৱ- শক্তি অসমে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আজি এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈ আৰু সম্পাদক গৌৰৱজ্যোতি ভৰালী সহ অন্য নেতৃবৰ্গ উপস্থিত থাকে। সংবাদ মেল খনত সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে অভিযোগ কৰি কয় যে প্ৰধানমন্ত্ৰী উজলা যোজনাৰ ঘৰুৱা ৰন্ধন গেছৰ সংযোগ আঁচনিৰ নামত চলিছে ব্যাপক কেলেংকাৰী।

এই আঁচনি চৰকাৰী ৱেবচাইটত সম্পূৰ্ণ বিনামূলীয়া আৰু  ইয়াৰ বাবে কোনো কাৰণতে অৰ্থ সংগ্ৰহ কৰিব নোৱাৰিব বুলি স্পষ্টকৈ উল্লেখ থকাৰ পিছতো গেছ এজেঞ্চিবোৰে সংযোগৰ নামত গ্ৰাহকৰ পৰা কেনেদৰে ধন সংগ্ৰহ  কৰিব পাৰিছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।কোনো কোনো জিলাত একোজন ব্যক্তিৰ ঘৰতেই ১০-১২ টাকৈ উজ্জ্বলা আঁচনিৰ গেছৰ সংযোগ থকাৰ প্ৰসংগ উল্লেখ কৰি সেই গেছেই অধিক মূল্যত কলা বজাৰত বিক্ৰী হৈ আছে বুলিও গগৈয়ে সংবাদ মেল খনত সদৰি কৰে।

আঁচনিখন সন্দৰ্ভত ইণ্ডিয়ান অইলৰ জ্যেষ্ঠ প্ৰবন্ধক অভিনন্দন ডেকাক কৰা এক প্ৰশ্নৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে বিষয়াজনে এই আঁচনিখনক এখন বিনামূলীয়া আঁচনি নহয় বুলি কৈছিল। চৰকাৰ আৰু বিষয়া গৰাকীৰ এনে পৃথক মতামত সন্দৰ্ভতো নেতাগৰাকীয়ে তীব্ৰ বিষদগাৰ প্ৰকাশ কৰে।

ইফালে একেখন সাংবাদমেলতে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুয়ে সংসদত ২০১৪ চনলৈকে অহা হিন্দু লোকসকল বৈধ বুলি কোৱা কথাৰো তীব্ৰ বিৰোধিতা কৰাৰ লগতে অতি শীঘ্ৰেই ৰিজিজুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জানায় দুৰ্নীতি বিৰোধী যুৱ শক্তি ৰ সভাপতি গৰাকীয়ে।
 

Your Comments