পূৰ্বতে অষ্ট্ৰেলিয়া ভ্ৰমণ ভাৰতীয় দলৰ বাবে এক প্ৰকাৰ দুঃস্বপ্ন আছিল৷ অষ্ট্ৰেলিয়াৰ ফাষ্ট বলিং, বেটিং বিক্ৰমত থৰকাছুটি হেৰুৱাইছিল ভাৰতীয় দলে৷ কিন্তু সময় সলনি হৈছে৷ বিৰাট বাহিনীয়ে এতিয়া নিজৰ মাটিতে অষ্ট্ৰেলিয়া দলক আতংকিত কৰি তুলিছে৷
বিৰাট কোহলি বাহিনীৰ বলিং-বেটিং বিক্ৰমত চকুৰে সৰিহয় ফুল দেখি মেলব'ৰ্ণৰ বক্সিং ডে' টেষ্টত অষ্ট্ৰেলিয়াই শোচনীয়ভাৱে পৰাজয় স্বীকাৰ কৰিলে৷ ঘৰুৱা দলটোক ১৩৭ ৰাণত পৰাস্ত কৰি ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ৪খনীয়া শৃংখলাত ২-১ত অগ্ৰগতি লাভ কৰিছে আলহী দলটোৱে৷
মেলব'ৰ্ণত ভাৰতে ১৯৮১ চনত শেষৰবাৰ জয়ৰ মুখ দেখিছিল৷ আৰু শেহতীয়া জয় অষ্ট্ৰেলিয়াৰ ভূমিত ভাৰতৰ সপ্তম জয়৷ মেলব'ৰ্ণ টেষ্ট জয়ৰ জৰিয়তে ১৫০খন টেষ্টত জয়লাভ কৰা বিশ্বৰ পঞ্চমখন দেশ হিচাপে পৰিগণিত হ'ল ভাৰত৷ আনহাতে, অধিনায়ক হিচাপে বিদেশৰ ভূমিত কোহলিৰ এয়া একাদশ বিজয়৷
বক্সিং ডে' টেষ্ট জয়লাভত মুখ্য ভূমিকা গ্ৰহণ কৰে পেচ বলাৰ যশপ্ৰীত বুমৰাহে৷ বুমৰাহৰ পেচৰ সন্মুখত তিষ্ঠি থকাটো সম্ভৱপৰ নহ'ল অষ্ট্ৰেলিয়াৰ বেট্ছমেনৰ৷ স্বাভাৱিকতে মেন অব্ দ্য মেট্ছ বিবেচিত বলাৰজন৷ আনহাতে, প্ৰথম ইনিংছত চেতেশ্বৰ পূজাৰাৰ ১০৬ ৰাণ আৰু বিৰাট কোহলিৰ ৮২ ৰাণে আৰম্ভণিতেই ভাৰতৰ স্থিতি মজবুত কৰে৷
ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলৰ মাজত বিশ্বাস দৃঢ় হ'বলৈ ধৰিছে যে কোহলিৰ নেতৃত্বত ভাৰতে বিদেশৰ ভূমিতো ধাৰাবাহিকভাৱে বিজয় সাব্যস্ত কৰি যাব৷ বিৰাটৰ আক্ৰমণাত্মক অধিনায়কত্বত অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ডৰ ভূমিত ভাৰতীয় দল আতংকিত হোৱাৰ দিনবোৰৰ অৱসান ঘটিছে বুলি সকলোৱে ভাবিবলৈ আৰম্ভ কৰিছে৷
ছিডনী টেষ্টতো জয়লাভ কৰি ভাৰতীয় দলে ইতিহাস ৰচনা কৰিব বুলি এতিয়া আশাবাদী ভাৰতীয় ক্ৰিকেটপ্ৰেমী৷
- Log in to post comments
- 45 views