নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ দ্বাৰা উদ্ধাৰ পুত্রৰ হাতত নিৰ্যাতিত বৃদ্ধ দম্পতী

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ দ্বাৰা উদ্ধাৰ পুত্রৰ হাতত নিৰ্যাতিত বৃদ্ধ দম্পতী

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁৱৰ কাকী মৌজাৰ অন্তৰ্গত ২নং কাকীৰ দেউবালী গাঁৱত কনিষ্ঠ পুত্রৰ অত্যাচাৰত নিজ হাতে গঢ় দিয়া ঘৰত থাকিব নোবাৰি বৃদ্ধ পিতৃ-মাতৃয়ে আনৰ ঘৰত আশ্ৰয় ল'বলগা হোৱাৰ এক কৰুণ তথা হৃদয় বিদাৰক ঘটনাই সমগ্ৰ কাকী অঞ্চলৰ সচেতন লোকসকলক মৰ্মাহত কৰি তোলাৰ সময়তে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণতি মৰাঙৰ নিজা প্ৰচেষ্টাত ন্যায় সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰা কাৰ্যই সৰ্বত্রে চৰ্চিত হৈছে ৷

প্ৰায় ৮০ ঊৰ্ধ্বৰ ২নং কাকীৰ দেউবালী গাঁৱৰ নিবাসী প্ৰফুল্ল নাথ আৰু হোমেশ্বৰী দেৱী (৭০) নামৰ এই বৃদ্ধ-বৃদ্ধা দুজনে নিজৰ কনিষ্ঠ পুত্র সোণেশ্বৰ নাথৰ হাতত জীৱন হেৰুওৱাৰ ভয়ত আজি প্ৰায় এবছৰৰ অধিক সময় আনৰ ঘৰে ঘৰে আশ্ৰয় ল'বলগা হৈছে | চাৰিগৰাকী কন্যা সন্তান, দুজন পুত্র সন্তানৰ লগতে দুগৰাকীকৈ বোৱাৰী, কেইবাজনো নাতি-নাতিনীৰে এখন সুখৰ তথা সুন্দৰ সংসাৰ, নিজা ঘৰ-দুৱাৰ, সা-সম্পত্তি, খেতি-বাতি থকাৰ পিছতো উদণ্ড-পাষাণ কনিষ্ঠ পুত্র সোণেশ্বৰ নাথৰ বহু নিৰ্যাতন-অত্যাচাৰৰ ফলত একমাত্র নিজৰ প্ৰাণৰ মমতাত সকলো ত্যাগ কৰি বিবাহিতা কন্যাসকলৰ লগতে গাঁৱৰ আনৰ ঘৰত আশ্ৰয় লৈ থাকিবলগীয়া হোৱাৰ সময়তে আজি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ আলম লৈ বৃদ্ধ প্ৰফুল্ল নাথৰ ২নং কাকীৰ দেউবালীস্থিত নিজা ঘৰত উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী৷

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ দ্বাৰা উদ্ধাৰ পুত্রৰ হাতত নিৰ্যাতিত বৃদ্ধ দম্পতী

প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাং সহিতে যোবা সঁজাতী দলটোত নগাঁৱৰ অধিবক্তাদ্বয় ক্ৰমে ৰূপালী গোস্বামী, শ্বাহনাজ চুলতানা, অৰ্ধ-আইনী সহায়ক দীপেন্দ্ৰ শইকীয়া, পাপুমণি বৰাও উপস্থিত হয়| আজি দুপৰীয়া ১২.৩০ বজাত সঁজাতী দলটোবে কাকী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জন্ বে'ক লগত লৈ প্ৰফুল্ল নাথৰ দেউবালীস্থিত ঘৰত উপস্থিত হৈ ঘটনাৰ সকলো কথা সবিশেষ জানি দুয়োগৰাকী বৃদ্ধ লোকক নিজৰ গাড়ীৰে ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধ আৱাসলৈ লৈ আনে৷

তাৰ পূৰ্বে দুয়োকে নীলবাগান মডেল হাস্পতালত চিকিৎসকৰ সহায়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়| উল্লেখ্য যে কনিষ্ঠ পুত্র সোণেশ্বৰ নাথে তিনিবাৰকৈ ডিঙিত চেপি প্ৰাণেমৰাৰ চেষ্টা চলাইচিল বুলিও মাতৃ হোমেশ্বৰী দেৱীয়ে জানিবলৈ দিয়ে| তেওঁলোকে লগতে জনায় যে কাকী মৌজাৰ অন্তৰ্গত লংকা ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ ২৪ বিঘা মাটি দুয়োজন পুত্রৰ মাজত তেওঁলোকৰ প্ৰাপ্য অংশ ভগাই দিয়াৰ পিছতো পিতৃ-মাতৃৰ নামত থকা অতিৰিক্ত ৪ বিঘা মাটি কনিষ্ঠ পুত্রক অকলে নিজৰ নামত লিখি নিদিয়াৰ বাবে এইদৰে নিজ 
জন্মদাতা পিতৃ-মাতৃক নিৰ্যাতন চলাইছে বুলি পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ সচেতন লোকে জানিব দিয়ে৷

স্মৰ্তব্য যে দুজন পুত্র সন্তানৰ কনিষ্ঠ পাষাণ পুত্রৰ এনে নিৰ্মম বৰ্বৰতা তথা অত্যাচাৰৰ বলি হৈ আনৰ ঘৰত আশ্ৰয় ল'বলগা হোবা বৃদ্ধ দুয়োগৰাকীক গাঁওবাসীয়ে কেনেদৰে ক'ৰপৰা সহায় কৰিব পাৰি তাকে লৈ গুণাগথা চলি থকাৰ মাজতে আজি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে দুয়োগৰাকী নিৰ্যাতিতক নিজগৃহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষ্যম হয় ৷ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণতি মৰাঙৰ লগতে সঁজাতী দলটোৰ এনে প্ৰশংসনীয় কাৰ্যক কাকী অঞ্চলৰ বহুকেইটা দল-সংগঠনৰ লগতে সচেতন ব্যক্তিসকলে আদৰণি জনোৱাৰ লগতে শলাগ লয়৷

Your Comments