নৱবৰ্ষৰ উদ্‌যাপনৰ সময়ত সম্ভাৱ্য দুৰ্ঘটনাত বিশেষ সেৱা আগবঢ়াবলৈ সাজু ১০৮-১০২ সেৱা

নৱবৰ্ষৰ উদ্‌যাপনৰ সময়ত সম্ভাৱ্য দুৰ্ঘটনাত বিশেষ সেৱা আগবঢ়াবলৈ সাজু ১০৮-১০২ সেৱা

বিগত বর্ষসমূহৰ দৰে এইবাৰো আগন্তুক ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ বাবে সম্পূৰ্ণ সাজু ৰাজ্যৰ ১০৮ আৰু ১০২ জৰুৰীকালীন সেৱা। জনসাধাৰণে যাতে জৰুৰীকালীন সেৱা বিচৰাৰ লগে লগেই পায় তাৰ প্ৰতি লক্ষ্য ৰাখি জিভিকে ই এম আৰ আই কৰ্তৃপক্ষই উক্ত দিন দুটাত গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। বিশেষকৈ গুৱাহাটী মহানগৰীত উক্ত দিন দুটাত জৰুৰীকালীন সেৱা প্ৰদানকাৰী সন্থাটোৱে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।

এই কথা জানিবলৈ দিয়ে জিভিকে ই এম আৰ আইৰ মাণ্ডলিক সঞ্চালক কৌশিক শইকীয়াই। গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি কৌশিক শইকীয়াই কয় যে বিগত বর্ষসমূহৰ দৰে এই বৰ্ষৰো ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী দিন দুটাৰ বাবে ৰাজ্যৰ ১০৮ আৰু ১০২ অম্বুলেন্স সেৱা অতিৰিক্তভাৱে প্ৰস্তুত কৰি তোলা হৈছে।

বিশেষকৈ সমগ্ৰ কামৰূপ জিলাৰ বাবে জৰুৰীকালীন সেৱা প্ৰদানকাৰী সন্থাটোৱে অতিৰিক্ত ব্যৱস্থা লোৱা বুলি জানিবলৈ দিয়ে সংবাদমেলত। তেওঁ কয় যে মহানগৰবাসীৰ সুবিধা হোৱাকৈ উক্ত দিন দুটাত অতি গুৰুত্বপূৰ্ণ ঠাইসমূহত অতিৰিক্তভাৱে ১৭খনকৈ ১০৮ আৰু ১০২ দিয়াৰ ব্যৱস্থা কৰিছে।

সেই অনুযায়ী স্পর্শকাতৰ অঞ্চল হিচাপে চিহ্নিত হোৱা সোণাপুৰত ২খন, যোৰাবাটত ১খন, গড়চুকত ১খন, বশিষ্ঠ চাৰিআলিত ১খন, আমিনগাঁৱত ২খন, চাংসাৰিত ২খন, বাইহাটা চাৰিআলিত ২খন, হাজোত ২খন অতিৰিক্তভাৱে দিয়াৰ ব্যৱস্থা কৰিছে সন্থাটোৱে। ইয়াৰ উপৰি তেওঁ জানিবলৈ দিয়ে যে জনসাধাৰণে ফোন কৰা মাত্ৰকে যাতে সেৱা লাভ কৰে তাৰবাবে কল চেণ্টাৰসমূহত গ্ৰহণ কৰা হৈছে অতিৰিক্ত ব্যৱস্থা।

সেই অনুযায়ী কল চেণ্টাৰসমূহৰ পূৰ্বৰ তিনিটা চীফ্‌টৰ পৰা বৃদ্ধি কৰা হৈছে চাৰিটা চীফ্‌টলৈ। প্ৰতিটো চীফ্‌টতে ৫৬জনকৈ কল গ্ৰহণ কৰাৰ বাবে কৰ্মচাৰীৰ ব্যৱস্থা কৰা হৈছে। বিগত বর্ষৰ দুৰ্গা পূজা, বিহু আদিৰ ওপৰত ভিত্তি কৰি তেওঁ সন্দেহ কৰি কয় যে এইবর্ষৰ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী দিনটোত সংঘটিত হ'ব পাৰে অধিক দুৰ্ঘটনা আৰু মাৰপিটৰ ঘটনা।

সেই কথা লক্ষ্য ৰাখি তেওঁ সংবাদমেলৰ জৰিয়তে সমূহ মহানগৰবাসীলৈ আহ্বান জনাই কয় যে উক্ত দিন দুটাত জনসাধাৰণে যাতে মটৰচাইকেল চলোৱাৰ সময়ত হেলমেট পৰিধান কৰি লয় আৰু চালকৰ আসনত থকা সময়ত সুৰাপানৰ পৰা আঁতৰি থাকে তাৰবাবেও আহ্বান জনায়।

লগতে বিভিন্ন সময়ত ৰাইজে কেতিয়াবা ঘটনাস্থলীত ১০৮ বা ১০২ গৈ পোৱাত পলম হোৱা বাবে কর্মীসকলক উত্তেজিত হৈ ৰাইজে মাৰধৰ কৰাৰো উদাহৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে জনসাধাৰণে যাতে তেওঁলোকক সহযোগ কৰে। ইফালে বহু সময়ত দেখা যায় যে ৰোগী কঢ়িয়াই লৈ যোৱা এখন এম্বুলেন্স জনসাধাৰণে চাইৰেন বজাই যোৱাৰ পাছতো বাট এৰি নিদিয়ে।

সেই কথাত গুৰুত্ব দি তেওঁ সকলোকে আহ্বান জনায় যে ৰোগী কঢ়িয়াই নিয়া অৱস্থাত যাতে এম্বুলেন্সসমূহক পথ এৰি দিয়ে৷ উক্ত দিন দুটাৰ বাবে যাতে মহানগৰ প্ৰশাসনে ৰোগীসকলৰ সুবিধা বাবে জিএছ ৰোডত ব্লু-চেনেলৰ ব্যৱস্থা কৰে তাৰো আহ্বান জনায়। এই সম্পৰ্কে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

কৰ্মচাৰীসকলক উদ্দেশ্যি তেওঁ কৰ্ম আৰম্ভ হোৱাৰ আধা ঘণ্টা আগতেই আহি কাৰ্যস্থলীত উপস্থিত হ'বৰ বাবেও আহ্বান জনায়। উল্লেখ্য যে ২০১৭-১৮ বর্ষত কামৰূপ জিলাত ১০৮ৰ জৰিয়তে সৰ্বমুঠ ৩৩,০৭১টা সেৱা আগবঢ়োৱাৰ উপৰি ১০২ সেৱাই ৯,০৬০টা সেৱা সম্পাদন কৰিছে। তাৰে ৯,১৫৩টা ১০৮ আৰু ২,৯৩৯টা ১০২ সেৱা মহিলা (গৰ্ভধাৰণৰ) সম্পর্কীয় সেৱা আগবঢ়াইছে।

ঠিক একেদৰে ১,৮৩৬টা ১০৮ আৰু ৪৯৮টা ১০২য়ে দুৰ্ঘটনা সম্পৰ্কীয় সেৱা আগবঢ়াইছে। ইফালে এই সংবাদমেলতে তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান সমগ্ৰ কামৰূপত ৭০খন ১০৮ আৰু ১০২ এম্বুলেন্সে সেৱা আগবঢ়াই আছে। ইয়াৰ উপৰি সমগ্ৰ ৰাজ্যখনত ৭২৬খনকৈ সন্থাতো এম্বুলেন্স চলি আছে বুলি উল্লেখ কৰে।

Your Comments