প্ৰচুৰ তুষাৰপাতত ছিকিমত আবদ্ধ পৰ্যটক : ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান

প্ৰচুৰ তুষাৰপাতত ছিকিমত আবদ্ধ পৰ্যটক : ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান

শীতৰ বতৰত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে ছিকিম৷ তুষাৰপাতৰ আমেজ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকেৰে ভৰি পৰে ৰাজ্যখনৰ বিভিন্ন এলেকা৷ কিন্তু তুষাৰপাতৰ আমেজ ল'বলৈ অহা পৰ্যটকসকলৰ বাবে সম্প্ৰতি জীৱনৰ ভাবুকি হৈ পৰিছে হঠাতে হোৱা অত্যধিক তুষাৰপাত৷

প্ৰচুৰ তুষাৰপাতত ছিকিমত আবদ্ধ পৰ্যটক : ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান

ছিকিমৰ নাথুলাত বিগত ২-৩ দিনত হোৱা প্ৰচুৰ তুষাৰপাতৰ বাবে আবদ্ধ হৈ পৰিছে ২,৫০০ পৰ্যটক৷ বাট-পথ বন্ধ হৈ পৰাত তেওঁলোকৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ৷ এনে সময়তে পৰ্যটকসকলৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপত আগমন ঘটিছে ভাৰতীয় সেনাৰ৷

পৰ্যটক আবদ্ধ হৈ পৰাৰ খবৰ লাভ কৰিয়েই ভাৰতীয় সেনাৰ উদ্ধাৰকাৰী জোৱানৰ দল ভাৰত-চীন সীমান্তৰ নাথুলাত উপস্থিত হৈছে আৰু পৰ্যটকসকলক সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াইছে৷ হাড় কঁপোৱা শীতত প্ৰতিকূল পৰিস্থিতিত থকা লোকসকলক সেনাই শুকুৰবাৰৰ পৰা খাদ্য যোগান ধৰিছে৷

প্ৰচুৰ তুষাৰপাতত ছিকিমত আবদ্ধ পৰ্যটক : ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান

লগতে আশ্ৰয়স্থলৰ ব্যৱস্থা কৰি দিছে৷ পৰ্যটকসকলক চিকিৎসা সেৱাও আগবঢ়াইছে ভাৰতীয় সেনাই৷ নাথুলা, সোতৰ মাইল, জৱাহৰলাল নেহৰু পথত শুকুৰবাৰৰ পৰা পৰ্যটকসকলৰ প্ৰায় ৪০০ গাড়ী আবদ্ধ হৈ আছে৷ বতৰ কিছু মুকলি কৰিলে পৰ্যটকসকলক নিৰাপদ ঠাইলৈ নিয়াৰ সম্প্ৰতি প্ৰস্তুতি চলাই আছে ভাৰতীয় সেনাই৷

Your Comments