আজমলে শৰাই-গামোচাৰে আঁঠু লৈ ক্ষমা খোজক

আজমলে শৰাই-গামোচাৰে আঁঠু লৈ ক্ষমা খোজক

"নিজে আহ্বান কৰা সংবাদমেলতে সাংবাদিকক অভব্য ব্যৱহাৰ কৰা এ আই ইউ ডি এফৰ সভাপতিয়ে ৰাজনীতি ত্যাগ কৰা উচিত। অসমৰ সমাজ জীৱনত এনে আচৰণ কোনো ভদ্ৰ লোকে আনলৈ কৰা পৰিলক্ষিত হোৱা নাই। অকল ক্ষমা খোজাই নহয়, তেখেতে শৰাই-গামোচাৰে আঁঠু লৈ সেৱা জনাই অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে৷"

এই ভাষ্য দৰং জিলা বাৰ্তাজীৱী সংঘৰ উপদেষ্টা হৰেণ কলিতাৰ। এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে হাটশিঙিমাৰীত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ বিৰুদ্ধে মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত প্ৰতিবাদী সভাত বক্তব্য আগবঢ়াই ইউ এন আইৰ সাংবাদিক কলিতাই ৰাজনৈতিক নেতাৰ এনে আচৰণ হোৱা উচিত নহয় বুলিও কয়।

মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক তথা বাৰ্তাজীৱী সংঘৰ সৰ্বভাৰতীয় পৰিষদৰ সদস্য মুকুটৰাজ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সভাত দৰং জিলা সমিতিৰ সম্পাদক লক্ষীনন্দন কলিতাই আজমলৰ আচৰণৰ তীব্ৰ গৰিহনা দি ইয়ে ৰাজনৈতিক নেতাসকলৰ হ'বধৰা ক্ষয়িষ্ণু মানসিকতাৰ পৰিচায়ক বুলি কয়।

আজমল যিহেতু লোকসভাৰ সাংসদ, গতিকে সাংসদৰ আচৰণ বিধিৰ অধীনত সাংসদ পদ খাৰিজ কৰিবলৈও কলিতাই দাবী জনায়। বৈদ্যুতিন মাধ্যম আৰু বিভিন্ন কাকতকে ধৰি জিলাখনৰ অধিকাংশ সাংবাদিক উপস্থিত থকা সভাখনত জ্যেষ্ঠ সাংবাদিক মদন বৰুৱাই কয়, 'অসম তথা ভাৰতবৰ্ষৰ সংবাদ মাধ্যমে আশাবাদ জীয়াই ৰাখিছে।

শৃংখল সমাজ ব্যৱস্থা, ৰাজনৈতিক নেতাসকলৰ ভণ্ডামিৰ বিপৰীতে এতিয়া সমাজৰ আশা-ভৰসা হৈছে সংবাদ মাধ্যম। এনে অৱস্থাত বদৰুদ্দিন আজমলৰ আচৰণে সভ্য সমাজক ভবাই তুলিছে।' এনে নেতাক সমাজে বৰ্জন কৰিব লাগে বুলিও তেওঁ দাবী কৰে।

সভাত সাংবাদিক দুলাল হাজৰিকা, আছাদ আলি, লোকেশ্বৰ বৰুৱা, অনিল ভূঞা, নৱ মহন্তসহ বহুকেইজনে বক্তব্য ৰাখি সাংসদ আজমলৰ কাণ্ডক গৰিহণা দিয়ে।

ইয়াৰ পূৰ্বে জিলাখনৰ সাংবাদিকসকলৰ এটা প্ৰতিনিধি দলে দৰঙৰ অতিৰিক্ত উপায়ুক্ত হৰিপ্ৰসাদ বৰাৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

Your Comments