উত্তৰণৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত নৱকান্ত বৰুৱাৰ ওপজা দিন পালন

উত্তৰণৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত নৱকান্ত বৰুৱাৰ ওপজা দিন পালন

অসমীয়া সাহিত্যত আধুনিক কবিতাৰ পথ প্ৰদৰ্শক তথা অসমীয়া সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি কবি নৱকান্ত বৰুৱাৰ আজি জন্মদিন।

শিশু সাহিত্য উত্তৰণৰ উদ্যোগত কবি-সাহিত্যিক নৱকান্ত বৰুৱাৰ জন্মদিন আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা হয়। বিশিষ্ট কবি-সাহিত্যিকগৰাকীৰ এই ওপজা দিনৰ কাৰ্যসূচীত উপস্থিত থাকে কবি ৰবীন্দ্ৰ বৰা, দিলীপ শৰ্মা, মৃদুল দাস, জগদিন্দ্ৰ ৰায়চৌধৰী প্ৰমুখ্যে বহুসংখ্যক গণ্য-মান্য ব্যক্তি।

অনুষ্ঠানত কবি ৰবীন্দ্ৰ বৰাই বিশিষ্ট কবি নৱকান্ত বৰুৱাৰ ওপৰত চমু বক্তব্য আগবঢ়াই কয়- নৱকান্ত বৰুৱা কেৱল এজন কবি নহয়, তেওঁ অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ।

অৱশ্যে অসমীয়া সাহিত্যৰ এই মহান ব্যক্তিজনক আজিৰ বিশেষ দিনটোত যিদৰে গুৰুত্ব দিব লাগিছিল সেইদৰে আমি দিয়া নাই বুলিও আক্ষেপ কৰে।

অনুষ্ঠানত নৱকান্ত বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি দীপিকা পূজাৰীৰ এখন কাব্য সংকলন উন্মোচন কৰা হয়। কবিতা সংকলনখন উন্মোচন কৰে কবি ৰবীন্দ্ৰ বৰাই ।

Your Comments