কলকাতাৰ খুদিৰাম অনুশীলন কেন্দ্ৰত বৃহস্পতিবাৰৰ পৰা কোৰিয়ান টাইকোৱানডো মাষ্টাৰ্ছ এছ'চিয়েচন অব্ ইণ্ডিয়া, জিয়ংছ টাইকোৱানডো একাডেমীৰ উদ্যোগত অনুষ্ঠিত টি আই এ আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপ-২০১৮ত ৬-১২ বছৰৰ শাখাত অংশগ্ৰহণ কৰি অসমৰ নিহাৰ পাঠকে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
বাক্সা জিলাৰ বৰামা টাইকোৱানডো একাডেমীত তৃতীয় ডিগ্ৰীৰ ব্লেক বেল্ট হিমাংশু পাঠকৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লোৱা নিহাৰে আজি সন্ধিয়া অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত বাংলাদেশৰ মেগনা ৰয়ক হৰুৱাই সোণৰ পদক অৰ্জন কৰি চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় আৰু দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনে।
বাক্সা জিলাৰ বৰমাৰ সমাজকৰ্মী তথা শিক্ষক হিমাংশু পাঠক আৰু শিক্ষয়িত্ৰী প্ৰাণীত দাস পাঠকৰ পুত্ৰ নিহাৰ বৰ্তমান ছেইণ্ট জ'নছ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।
- Log in to post comments
- 29 views