নীতি বহিৰ্ভূতভাৱে চলি আছে গুৱাহাটীৰ জে বি আইন মহাবিদ্যালয় : দুৰ্নীতি বিৰোধী যুৱ-শক্তিৰ অভিযোগ

নীতি বহিৰ্ভূতভাৱে চলি আছে গুৱাহাটীৰ জে বি আইন মহাবিদ্যালয় : দুৰ্নীতি বিৰোধী যুৱ-শক্তিৰ অভিযোগ

১৯৬৯ চনত ৰেজিষ্টাৰ্ড ছ'চাইটীৰ অধীনত স্থাপন হোৱা গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান জে বি আইন মহাবিদ্যালয়ত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। ক'ৰ্পাৰেটিভ ছ'চাইটীৰ অধীনত স্থাপন হোৱা আইন মহাবিদ্যালয়খন নাই এতিয়া ৰেজিষ্টাৰ্ড ছ'চাইটীৰ হাতত।

এই গুৰুত্বপূৰ্ণ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ। গুৱাহাটী প্ৰেছ ক্লাবত আজি এক সংবাদমেল সম্বোধন কৰি ধৰ্মকান্ত গগৈয়ে কয় যে যিসময়ত অসম চৰকাৰে পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা ভুৱা শিক্ষানুষ্ঠানসমূহক ছীল কৰিছে, সেই সময়ত খোদ গুৱাহাটী মহানগৰীত নীতি বহিৰ্ভূতভাৱে চলি আছে জে বি আইন মহাবিদ্যালয়। কিন্তু কোনো গুৰুত্ব নাই অসম চৰকাৰ কিম্বা শিক্ষা বিভাগৰ।

যিসময়ত চৰকাৰে মন কৰা হ'লে অতি পুৰণি আইন মহাবিদ্যালয়খনক এখন চৰকাৰী গুৰুত্বপূৰ্ণ আইন মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন, তাকে নকৰি চৰকাৰে কেইজনমান মুষ্টিমেয় ব্যক্তিৰ হাতত এতিয়া অৰ্পণ কৰিছে আইন মহাবিদ্যালয়খন। যাৰফলত ৰেজিষ্টাৰ্ড ছ'চাইটীৰ অধীনত পঞ্জীয়ন হোৱা আইন মহাবিদ্যালয়খন এতিয়া চলি আছে প্ৰশাসনীয় সমিতিৰ কেইজনমান মুষ্টিমেয় ব্যক্তিৰ হাতত।

তেওঁলোকেই এতিয়া মহাবিদ্যালয়খনৰ নীতি নিৰ্ধাৰক। তেওঁলোকৰ নির্দেশতেই এতিয়া চলিছে গৰিমামণ্ডিত আইন মহাবিদ্যালয়খন। আনকি নিযুক্তিৰ দিশতো মহাবিদ্যালয়খনত নাই কোনো নীতি-নিয়ম । কাৰণ প্ৰশাসনীয় সমিতিৰ ব্যক্তিসকলৰ সম্বন্ধীয় লোকসকলকেই দিয়া হৈছে আইন মহাবিদ্যালয়খনত নিযুক্তি।

আনকি শিক্ষা গ্ৰহণৰ নামতো ছাত্ৰ-ছাত্ৰীসকলে ভৰিব লাগে অধিক পৰিমাণৰ ধন। যাৰফলত ছাত্ৰ-ছাত্ৰীসকলে বহু সময়ত শ্রেণী কোঠা এৰি ৰাজপথলৈও ওলাই আহিবলগা ঘটনা সংঘটিত হৈছে। ইফালে গুৰুত্বপূৰ্ণ কথা এই যে ১৯৬৯ চনত ক'ৰ্পাৰেটিভ ছ'চাইটীৰ অধীনত স্থাপন হোৱা আইন মহাবিদ্যালয়খন বৰ্তমান সময়ত কাৰ অধীনত আছে তাৰো নিৰ্দিষ্টতা নাই।

কাৰণ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে পঞ্জীয়ন কৰিব লাগে ৰেজিষ্টাৰ্ড ছ'চাইটীৰ অধীনত৷ কিন্তু তাকো কৰা নাই মহাবিদ্যালয়খনে। সেইবাবে এই সংবাদমেলৰ জৰিয়তে দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ দাবী- বৰ্তমান সময়ত এই আইন মহাবিদ্যালয়খন কাৰ অধীনত চলি আছে অতি সোনকালে ৰাজহুৱা কৰিব লাগে।

কাৰণ এই আইন মহাবিদ্যালয়খনৰ পৰা শিক্ষা গ্ৰহণ কৰি বহু ছাত্ৰ-ছাত্ৰী আজি দেশৰ আইন সেৱাৰ লগত জড়িত হৈ আছে বুলিও উল্লেখ কৰে ।

Your Comments