সাংবাদিকক আক্ৰমণ আজমলৰ : নাৰায়ণপুৰ-শিমলুগুৰি প্ৰেছ ক্লাবৰ তীব্ৰ গৰিহণা

সাংবাদিকক আক্ৰমণ আজমলৰ : নাৰায়ণপুৰ-শিমলুগুৰি প্ৰেছ ক্লাবৰ তীব্ৰ গৰিহণা

যোৱা ২৬ ডিচেম্বৰত এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত সাংবাদিকক কৰা আক্ৰমণৰ ঘটনাক নাৰায়ণপুৰ প্ৰেছ ক্লাবে চোকা ভাষাৰে সমালোচনা কৰাৰ লগতে এনে ঘৃণনীয় কাৰ্যক তীব্ৰ গৰিহণা দিয়ে।

এগৰাকী জনপ্ৰতিনিধি হৈ সংবাদ মাধ্যমকে সন্মান প্ৰদৰ্শন কৰিব নজনা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায়। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ শইকীয়া আৰু সম্পাদক দিপান্ত কাকতিয়ে ৰাজনৈতিক শক্তিৰে বলিয়ান হৈ কৰা এনেধৰণৰ কাৰ্যৰ বাবে বদৰুদ্দিন আজমলৰ সাংসদ পদ খাৰিজৰো দাবী জনায়।

আনহাতে, শিমলুগুৰি প্ৰেছ ক্লাবৰ সভাপতি চিত্রনাথ গগৈ আৰু সম্পাদক দেৱজিৎ দুৱৰাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰিব নজনা সাংসদ আজমলে সমাজৰ কি উন্নতি কৰিব বুলি উল্লেখ কৰাৰ লগতে বিশ্বত অসমৰ সন্মান লজ্জানত কৰা ৰাজনৈতিক নেতাজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল'বলৈ প্ৰশাসনক আহ্বান জনায়৷

Your Comments