সংসদৰ চলিত অধিবেশনতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ গোপন মন্ত্ৰণা সৰ্বানন্দ-হিমন্তৰ : অখিল গগৈ

111111111

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি লোকসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬।তাৰ প্ৰাক্‌-মুহূৰ্তত ৩১ ডিচেম্বৰত জেপিচি আৰু কেন্দ্ৰীয় চৰকাৰ মিলিত হ'ব এক বৈঠকত।ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিছে উত্থাপনৰ নিৰ্দিষ্ট তাৰিখ।৭ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব পাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক।

এই ভয়ংকৰ ইংগিত কৃষক নেতা অখিল গগৈৰ। আজি গুৱাহাটীস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতি মুখ্য কাৰ্যলয়ত অসমৰ ৭০টাকৈ জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আয়োজন কৰিছিল এক সংবাদমেল। উক্ত সংবাদমেলতে কৃষক নেতা অখিল গগৈয়ে বিস্ফোৰণ ঘটাই কয় যে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বগীবিল দলং উদ্বোধন কৰিবলৈ অহা প্ৰধান মন্ত্ৰীৰ সৈতে গোপন আলোচনাত মিলিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক চলিত লোকসভাৰ শীতকালীন অধিবেশনতে উত্থাপন কৰিব লাগে বুলি অনুৰোধ জনাইছে।

কাৰণ বিধেয়কখন গৃহীত হ'লেও অসমবাসীৰ একো নহয় বুলি "ক্লিন শ্বীট" দিছে। তাৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰে চলিত শীতকালীন অধিবেশনতে উক্ত বিধেয়কখন উত্থাপন কৰাৰ বাবে প্ৰস্তুতি চলাইছে। এই গুৰুত্বপূৰ্ণ অভিযোগ কৃষক নেতা অখিল গগৈৰ। গগৈয়ে লগতে কয় যে মুখ্য মন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে ক্লিন শ্বিট দিয়াৰ প্ৰধান কাৰণটোৱেই হৈছে পঞ্চায়ত নিৰ্বাচন।

যিহেতু পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে বিলখনৰ সপক্ষে থাকিও জয়ী হৈছিল আৰু বিলখনৰ বিপক্ষে থকা অগপ দল পৰাজিত হৈছিল, তাৰ ওপৰত ভিত্তি কৰিয়েই অসমৰ দুই নেতাই বিধেয়কখন এতিয়াই উত্থাপন কৰিব লাগে বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপি সভাপতি অমিত শ্বাহক আশ্বাস দিছে যে অসমৰ ৰাইজে বিধেয়কখন গ্ৰহণ কৰিব।

উক্ত সংবাদমেলতে কৃষক নেতাগৰকীয়ে কয় যে অসমৰ ৭০ সংগঠনৰ প্ৰতিনিধিয়ে চলিত লোকসভাৰ অধিবেশন আৰম্ভ হোৱাৰ সময়তে বিধেয়কখনৰ বিৰুদ্ধে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু সেই কাৰ্যসূচী চলি থাকোঁতেই সংসদীয় যুটীয়া কমিটীৰ অধ্যক্ষসহ এটা দলে ৭০ সংগঠনক আশ্বাস দিছিল যে চলিত লোকসভা অধিবেশনত উত্থাপন নহয় উক্ত বিধেয়কখন। তাৰ পৰিপ্ৰেক্ষিততে ৭০ সংগঠনে সাময়িকভাৱে স্থগিত ৰাখিছিল আমৰণ অনশন কাৰ্যসূচী।

কিন্তু পিছ মুহূৰ্ততে কিয় যুটীয়া সংসদীয় কমিটীয়ে বিধেয়কখন চলিত অধিবেশনখনতে উত্থাপন কৰাৰ বাবে অনুমতি দিব বিচাৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে যুটীয়া সংসদীয় কমিটীখনক। লগতে তেওঁ কমিটীখনক কয় যে যদি সংসদীয় যুটীয়া কমিটীৰ অলপো নিৰপেক্ষতাৰ নীতি আছে তেন্তে সেই নীতি পালন কৰক।

আনহাতে, সংসদীয় যুটীয়া কমিটীৰ অসমৰ ৪ সাংসদক কৃষক নেতাগৰকীয়ে হুংকাৰ প্ৰদান কৰি কয়- "জাতিৰ স্বাৰ্থত আপোনালোকে কাম কৰক, নহ'লে কিন্তু জাতিয়ে কোনোকালে ক্ষমা নকৰিব।" ইয়াৰ উপৰি এই সংবাদমেলত কৃষক নেতাগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ সফলতা মানেই যদি নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা হয় তেন্তে মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল এই বিধেয়কখনৰ ওপৰত আয়োজন কৰক গণভোটৰ ব্যৱস্থা। তেতিয়া ৰাইজ কাৰ পক্ষত দেখা যাব বুলিও মন্তব্য প্ৰকাশ কৰে।

লগতে চৰকাৰে যেতিয়াই যি সময়তে বিচাৰে বিধেয়কক লৈ গণভোটৰ ব্যৱস্থা কৰিব পাৰে বুলিও উল্লেখ কৰে। তাৰবাবে ৭০ সংগঠন সদায়েই সাজু বুলি প্ৰকাশ কৰে কৃষক নেতাগৰাকীয়ে। ইয়াৰ উপৰি সংবাদমেলত তেওঁ হুংকাৰ প্ৰদান কৰি কয় যে যদি কিবা প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত উত্থাপন হ'বলৈ হয়, জাতীয় নায়ক সন্মান পোৱা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক অসমৰ সকলো ৰাইজে মিলি ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰিব।

ইফালে উক্ত সংবাদমেলতে কৃষক নেতাগৰকীয়ে অসমৰ সকলো জনসাধাৰণক ২০১৯ বর্ষৰ বাবে সাজু হ'বলৈ আহ্বান জনায় । অসমবাসীৰ বাবে ২০১৯ বর্ষটো প্ৰতিৰোধ বর্ষ হিচাপে পৰিগণিত হ'ব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি এই সংবাদমেলত কৃষক নেতাগৰকীয়ে জানিবলৈ দিয়ে যে ৩১ ডিচেম্বৰৰ দিল্লীৰ বৈঠকৰ পাছত অহা ২ জানুৱাৰীত অসমৰ ৭০টা জাতীয় সংগঠন মিলিত হ'ব জৰুৰী বৈঠকত আৰু সেই বৈঠকতে তেওঁলোকে বিধেয়কৰ বিৰুদ্ধে কি কাৰ্যসূচী গ্ৰহণ কৰিব তাৰ ঘোষণা কৰিব।

সংবাদমেলত ৭০ সংগঠনৰ নেতৃবৃন্দই ঘোষণা কৰে যে যিকোনো বিনিময়ত তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বলৈ নিদিয়ে। প্ৰয়োজনত ছহিদ হ'বলৈ সাজু বুলিও সকীয়াই দিয়ে বিজেপি চৰকাৰক। লগতে বিজেপি আৰু আৰ এছ এছক অসমৰ পৰা সম্পূৰ্ণভাৱে খেদি পঠিয়াবলৈ তেওঁলোক ঐক্যবদ্ধ বুলিও জানিবলৈ দিয়ে৷

Your Comments