দ্ৰাবিড়ক চেৰাই কোহলিৰ অভিলেখ

দ্ৰাবিড়ক চেৰাই কোহলিৰ অভিলেখ

অন্য এক বিৰল কৃতিত্বৰ অধিকাৰী হ’ল বিৰাট কোহলি৷ বিদেশৰ মাটিত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত এটা বছৰত সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী ভাৰতীয় বেটছমেনৰূপে স্বীকৃত হৈছে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকী৷

দ্ৰাবিড়ক চেৰাই কোহলিৰ অভিলেখ

কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ ১৬ বছৰজোৰা অভিলেখ ভংগ কৰি কোহলিয়ে এই অভিলেখ স্থাপন কৰে৷ উল্লেখ্য যে দ্ৰাবিড়ে ২০০২ বৰ্ষত মুঠ ১,১৩৭ ৰাণ সংগ্ৰহ কৰি বিদেশৰ মাটিত টেষ্ট ক্ৰিকেটত সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী ভাৰতীয়ৰ স্বীকৃতি অৰ্জন কৰিছিল৷

দ্ৰাবিড়ক চেৰাই কোহলিৰ অভিলেখ

মেলব'ৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা কোহলিয়ে দ্ৰাবিড়ক অতিক্ৰম কৰি নতুন অভিলেখ স্থাপন কৰে৷ উল্লেখ্য যে বিদেশৰ মাটিত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত এটা বছৰতে সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী আন দুগৰাকী কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ হৈছে মহিন্দৰ অমৰনাথ আৰু সুনীল গাভাস্কাৰ৷

দ্ৰাবিড়ক চেৰাই কোহলিৰ অভিলেখ

অমৰনাথে ১৯৮৩ চনত ১,০৬৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে সুনীল গাভাস্কাৰে মুঠ ৯১৮ ৰাণ সংগ্ৰহ কৰিছিল ১৯৭১ বৰ্ষত৷
 

Your Comments