বদৰুদ্দিন আজমলৰ সাংসদ পদ খাৰিজৰ দাবী

w

এআইইউডিঅফৰ সভাপতি বদৰুদ্দিন আজমলে মানকাচৰৰ এজন সংবাদ কৰ্মীক আক্ৰমণ কৰাৰ ঘটনাত সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সাংসদগৰাকীৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে সচেতন মহল। সাংসদগৰাকীৰ অভব্য আচৰণৰ বিৰুদ্ধে আজি অসম বাৰ্তাজীৱী সংঘইও উলিয়াই এক প্ৰতিবাদী মৌন সমদল।

সাংসদগৰাকীক অতি শীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে উচিত শাস্তি প্ৰদান কৰাৰ লগতে সাংসদ পদ খাৰিজ কৰাৰ দাবী জনায় অসম বাৰ্তাজীৱী সংঘই। গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী মৌন সমদলত অংশগ্ৰহণ কৰে বিভিন্ন সংবাদ মাধ্যমৰ কর্মীসকলে। সকলোৱে মুখত ক'লা কাপোৰ বান্ধি অংশগ্ৰহণ কৰে সমদলত।

w

প্ৰতিবাদী সমদলটো গুৱাহাটী জিলা উপায়ুক্ত কাৰ্যালয়ত অন্ত পৰে। জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিছে অসম বার্তাজীৱী সংঘৰ সভাপতি কেশৱ কলিতাই।

Your Comments