অল ইণ্ডিয়া ডিএছঅ'ৰ প্ৰতিষ্ঠা দিৱসত প্ৰতিবাদী সমদল 

w

আজি অল ইণ্ডিয়া ডিএছঅ'ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীত লক্ষ্মীৰাম সদনত অনুষ্ঠিত কৰা হৈছে ৰাজ্যিক ছাত্ৰ সমাৱেশৰ। সমাৱেশৰ পূৰ্বে সংগঠনটোৱে উলিয়াই প্ৰতিবাদী সমদল। শিক্ষা, সংস্কৃতি, মানৱতাৰ ওপৰত নামি অহা আক্ৰমণ প্ৰতিহত কৰাৰ বাৰ্তা বহন কৰা এই সমদলত অংশগ্ৰহণ কৰে সংগঠনটোৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে।

q

১৫টাকৈ গুৰুত্বপূৰ্ণ দাবীৰে উলিওৱা এই প্ৰতিবাদী সমদল দিনৰ ১২বজাত আৰম্ভ হয় গুৱাহাটী ক্লাবৰ পৰা। প্ৰথম শ্রেণীৰ পৰা পাছ-ফেইল ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, চৰকাৰী বিদ্যালয়সমূহ উন্নত কৰি তোলা, চেমিষ্টাৰ পদ্ধতি বাতিল কৰা, চৰকাৰী বিদ্যালয়সমূহত খালি হৈ থকা শিক্ষক পদসমূহ অতি সোনকালে পূৰণ কৰা আদি দাবী উত্থাপন কৰে সংগঠনটোৱে৷ সমদলত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক সমিতিৰ সভাপতি জিতেন্দ্ৰ চলিহা আৰু সম্পাদক প্ৰজ্জ্বল দেৱে।

Your Comments