৩১ ডিচেম্বৰৰ বাবে কামৰূপ (ম) জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ৈ

আগন্তুক ৩১ ডিচেম্বৰক লৈ কামৰূপ(ম)জিলা প্ৰশাসনে  জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷ ৩১ ডিচেম্বৰৰ দিনা জিলাখনৰ ৰাজহুৱা স্থানত কৰিব নোৱাৰিব সুৰাপান।কাৰণ উক্ত দিনটোত ৰাজহুৱা স্থানত সুৰাপান কৰিলেই ভৰিব লাগিব ৫০০০টকা জৰিমনা। ইয়াৰ উপৰিও ৩১ ডিচেম্বৰৰ বাবে অনুমতি লাভ কৰা বাৰ, ৰেস্তোৰাঁসমূহৰ বাবেও নিৰ্দেশনা জাৰি কৰা হৈছে।

সেই অনুযায়ী বাৰ আৰু ৰেস্তোৰাঁসমূহত থাকিব লাগিব পোহৰৰ উপযুক্ত ব্যৱস্থাৰ লগতে চিচি টিভিৰ সুব্যৱস্থা। সেই দিনা বাৰ আৰু ৰেস্তোৰাঁসমূহত সাধাৰণ ৰাইজৰ অসুবিধা নোহোৱাকৈ নিৰ্ধাৰিত প্ৰাবল্যৰ শব্দযন্ত্ৰহে ব্যৱহাৰ কৰিব পাৰিব। ৰাতি ১২.৩০বজাৰ ভিতৰত বন্ধ কৰিব লাগিব সকলো বাৰ, ৰেস্তোৰাঁ। যদি এই নিয়ম কোনো প্ৰতিষ্ঠানে ভংগ কৰে, সেই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে।

Your Comments