জাহ্নৱীৰ প্ৰশংসাত পঞ্চমুখ লতা মংগেশকাৰ, শ্বাৱানা, ৰেখা

জাহ্নৱীৰ প্ৰশংসাত পঞ্চমুখ লতা মংগেশকাৰ, শ্বাৱানা, ৰেখা

বলীউড ছবি জগতত আত্মপ্ৰকাশ কৰিয়েই আলোড়ন সৃষ্টি কৰিছে জাহ্নৱী কাপুৰে। শ্ৰীদেৱী আৰু বনি কাপুৰৰ কন্যা জাহ্নৱীৰ প্ৰশংসাত পঞ্চমুখ বহু নামী-দামী তাৰকা। জাহ্নৱীয়ে অভিনয় কৰা ‘ধড়ক’ ছবিখেনে যোৱা ২০ জুলাইত মুক্তি লাভ কৰে।

ছবিখনত জাহ্নৱীৰ অভিনয় দেখি তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনা ব্যক্ত কৰিছে বহু প্ৰতিষ্ঠিত শিল্পীয়ে। প্ৰতিষ্ঠিত অভিনেত্ৰী শ্বাৱনা আজমীয়ে ছবিখন চাই বনি কাপুৰক সোধে- “জাহ্নৱীয়ে মনে মনে ইতিমধ্যে ২৫-৩০খন চিনেমা কৰিছিল নেকি? যি কেইখন হয়তো আপুনি মুক্তি নিদিয়াকৈ ৰাখি থ’লে। "শ্বাৱনাৰ মতে,‘ধড়ক’ ছবিখনত খুৱেই মাৰ্জিত দেখা গৈছে জাহ্নৱীক।

jahnvi

ইফালে, জাহ্নৱীৰ অভিনয় দেখি আনন্দত চকুলো ওলাই আহিল মোহময়ী অভিনেত্ৰী ৰেখাৰ। আটাইতকৈ ডাঙৰ কথা, জাহ্নৱীৰ অভিনয় দেখাৰ পিছত জাহ্নৱীৰ বাবে গীত গোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে স্বয়ং লতা মংগেশকাৰে।

Your Comments