ব্ৰিটিছ খেদা মুক্তি যুঁজাৰুৱে এইবাৰ যুঁজিব অসম চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে

ো

ব্ৰিটিছৰ ঔপনিবেশীক কবলৰ পৰা দেশক স্বাধীন কৰা অসমৰ মুক্তি যুঁজাৰুসকলক সোণোৱাল চৰকাৰে ভিক্ষাৰীৰ দৰে ব্যৱহাৰ কৰিছে। 

হয় আমাক মাৰি পেলাওঁক নহ'লে আমাৰ প্ৰাপ্য পেঞ্চন মোকোলাই দিয়ক - এই গুৰুত্বপূৰ্ণ মন্তব্য অসম ৰাজ্যিক মুক্তি যুঁজাৰো সন্মিলনৰ সভাপতি তথা মুক্তি যুঁজাৰো কৃষ্ণ লহকৰ। সোণোৱাল চৰকাৰে অসমৰ মুক্তি যুঁজাৰুসকলক আঢ়ৈ বছৰে কৰি অহা বঞ্চনা বিৰুদ্ধে আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে। 

সংবাদ মেল সম্বোধন কৰি অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰে কয় যে জাতি-মাটি-ভেটি ৰক্ষা প্ৰতিশ্ৰুতি দিয়া সোণোৱাল চৰকাৰে দেশ স্বাধীন কৰাত জড়িত অসমৰ মুক্তি যুঁজাৰুসকলক কোনো গুৰুত্ব দিয়া নাই। শাসনত বহিয়েই আশ্বাস দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ মুক্তি যুঁজাৰুসকলৰ পেঞ্চন বৃদ্ধি কৰা হ'ব। 

কিন্তু সেই ঘোষণা অপমানহে কৰিছে দেশ স্বাধীন কৰা মুক্তি যুঁজাৰুসকলক। কাৰণ যি সময়ত অসমত ৫ বছৰ মন্ত্ৰী-বিধায়ক হৈ পেঞ্চন পাই ৬০-৭০ হাজাৰ টকা সেই সময়ত দেশ স্বাধীন কৰা মুক্তি যুঁজাৰুসকলে পেঞ্চন পাই মাত্ৰ ২০,০০০ টকা। তাকো সেই ২০ হাজাৰ টকা কংগ্ৰেছ চৰকাৰ দিনতে লাভ কৰিছিল মুক্তি যুঁজাৰুসকলে। 

কিন্তু সেই ২০,০০০ হাজাৰ টকা মুক্তি যুঁজাৰুসকলে ৰোগীয়া দেহা চিকিৎসা কৰিবলৈও নাতে। তাৰ বাবে যোৱা ১৮ ছেপ্টেম্বৰ তাৰিখৰ দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁলোকে ১৬ দফীয়া এক দাবী প্ৰেৰণ কৰিছিল। আৰু তাত তেওঁলোকে উল্লেখ কৰিছিল যে মুক্তি যুঁজাৰুসকলৰ মাহিলী পেঞ্চন ২০ হাজাৰৰ পৰা ৪০ হাজাৰ কৰিব লাগে। 

কিন্তু সোণোৱাল চৰকাৰে অতি দুৰ্ভাগ্যজনকভাৱে মুক্তি যুঁজাৰুসকল অপমান কৰাৰ দৰে মাত্ৰ ১০০০ হাজাৰ টকাহে বৃদ্ধি হয় । তাৰ বাবে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে অসমৰ মুক্তি যুঁজাৰুসকলে। ইয়াৰ উপৰিও অসম চৰকাৰে বৰ্তমান সময়ত ৩,৩৮৮ জন মুক্তি যুঁজাৰুক পেঞ্চন দিয়া বুলি যি উল্লেখ কৰিছে৷ 

কিন্তু সভাপতিগৰকীয়ে কয় যে চৰকাৰে সেই কথা গুকাত মিছা কৈছে কাৰণ সেইয়া হিচাব ২০০৩ চনৰ৷ কিন্তু বৰ্তমান সময়ত প্ৰায় ১,৫০০ মুক্তি যুঁজাৰুক হে এই পেঞ্চন দি আছে। ইয়াৰ উপৰিও এই সংবাদ মেলতে তেওঁলোকে জানিবলৈ দিয়ে যে প্ৰতিখন জিলাতে মুক্তি যুঁজাৰুসকলৰ বাবে ভৱন নিৰ্মাণ কৰিব লাগে। চৰকাৰে মুক্তি যুঁজাৰু আৰু বিধৱা পত্নীৰ বিমূলীয়া চিকিৎসা ব্যৱস্থা কৰিব লাগে। ৩০ জানুৱাৰী ছহিদ দিৱস, ৯ আগষ্ট ভাৰত ত্যাগ আন্দোলন দিৱস চৰকাৰীভাৱে ৰাজ্যিকভাবে উদযাপন কৰিব লাগে। 

ইয়াৰ উপৰিও মুক্তি যুঁজাৰুসকলৰ বাবে চৰকাৰী বাছত ৰেহাই ব্যৱস্থা আৰু ৰেলত বিমূলীয়া ব্যৱস্থা কৰিব লাগে আদি ১৫টাকৈ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। লগতে মুক্তি যুঁজাৰুসকলে জানিবলৈ দিয়ে যে তেওঁলোকৰ এই ১৫ দফীয়া দাবী যদি চৰকাৰে অতি সোনকালে গুৰুত্ব নিদিয়ে তেন্তে পূৰ্বতে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰা মুক্তি যুঁজাৰুসকলে এতিয়া অসম চৰকাৰৰ বিৰুদ্ধে ২২ জানুৱাৰীত দিছ্পুৰ লাষ্ট গেটত গণ সত্যাগ্ৰহ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে। 

তদুপৰি আগন্তক ২৬ জানুৱাৰী চৰকাৰীভাৱে আয়োজন কৰা গণৰাজ্য দিৱস বৰ্জন কৰি নিজা ববীয়াকৈ মুক্তি যুঁজাৰুসকলে গণৰাজ্য দিৱস পালন কৰিব বুলিও জানিবলৈ দিয়ে আজি সংবাদ মেলত । উল্লেখ যে আজি সংবাদ মেলত উপস্থিত আছিল অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক দিজেন মোহন শৰ্মা প্ৰমুখ্যে বহুকেইজন মুক্তি যুঁজাৰু আৰু মুক্তি যুঁজাৰু পৰিয়ালৰ সদস্য উপস্থিত আছিল।

Your Comments