বগীবিল দলঙে সমন্বয়ৰ সেতু হিচাপে গঢ় ল'ব : মুখ্যমন্ত্ৰী সোণোৱাল

w

অসমবাসীৰ বহু প্ৰত্যাশিত বগীবিল দলং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰাৰ লগে লগে দেশত সূচনা হয় এক নতুন ইতিহাসৰ আৰু এই উদ্বোধনী অনুষ্ঠানৰ শুভক্ষণত ৰাজ্যৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক উদ্দেশ্য কৰি কয় যে, এয়া ৰাজ্যবাসীৰ বাবে এক শুভক্ষণ । ভাষণৰ আৰম্ভণিতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোঁৱৰণ কৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীক। তেওঁ কয় আজি দেশৰ সুশাসন দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি মূল্যবোধৰ আধাৰত এখন শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব।

ইয়াত সমান্তৰালকৈ তেওঁ কয় যে প্ৰধান মন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবেই আজি বগীবিল দলংখন সম্পূৰ্ণ হৈ উঠিছে । দেশৰ যোগাযোগ ব্যৱস্থাত যি পৰিবৰ্তন আনিবলৈ প্ৰধান মন্ত্ৰী মোডীয়ে চিন্তা কৰি আছে এই বগীবিল দলংখনে তাক বহু পৰিমাণে সম্ভৱ কৰি তুলিব বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও মুখ্য মন্ত্ৰীগৰাকী অধিক আশাবাদী বুলি উল্লেখ কৰি কয় যে, এই দলংখনৰ জৰিয়তে এক্ট-ইষ্ট পলিছিৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব।

লগতে অনুষ্ঠানত উপস্থিত থকা প্ৰধান মন্ত্ৰীগৰাকীক উদ্দেশ্য কৰি কয় যে, আমাৰ এই শুভক্ষণত আমাক আশীৰ্বাদ দিবৰ বাবে মোডী ডাঙৰীয়া আমাৰ মাজত থকা বাবে আমাৰ সৌভাগ্য বুলিও উল্লেখ কৰে। লগতে তেওঁ কয় বগীবিল দলংখন এক সমন্বয় সেতু হিচাপে আমি গঢ়ি তুলিব লাগিব।

এই সভাতে ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসক সোঁৱৰণ কৰে আৰু কয় চাওঁলুং চুক্যাফাৰ আদর্শৰে বৰ অসম গঢ়াৰ বাবে চৰকাৰ দায়বদ্ধ । লগতে সভাত অতি কষ্ট কৰি উপস্থিত থকা জনসাধৰণকো ধন্যবাদ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Your Comments