মিচিং স্বায়ত্ত পৰিষদ (এমএচি)ৰ আসন্ন নিৰ্বাচনৰ বাবে মাজুলী জিলাত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সংশোধনী প্ৰক্ৰিয়াৰ অংশ হিচাপে যোৱা ২৪ ডিচেম্বৰত জিলাখনৰ অন্তৰ্গত এমএচিৰ তিনিওটা সমষ্টিক সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। মাজুলী জিলাৰ অন্তৰ্গত ৩০নং চাংগা মাজুলী, ৩১ নং ফুলনি-জকাইবোৱা আৰু ৩২নং ৰাদাং ৰিক্কং মাজুলী সমষ্টি তিনিওটাক খচৰা ভোটাৰ তালিকাত সামৰি লোৱা হৈছে।
এমএচি নিৰ্বাচনৰ দায়িত্বপ্ৰাপ্ত মাজুলীৰ অতিৰিক্ত উপায়ুক্ত নৰেণ দাসে সোমবাৰে জিলাখনৰ মূল ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত এই খচৰা ভোটাৰ তালিকা সংশোধনীৰ বাবে আনুষ্ঠানিকভাৱে জাৰি কৰে। অতিৰিক্ত উপায়ুক্তগৰাকীৰ কাৰ্যালয় কক্ষত আয়োজিত এই সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰা বিজেপি, কংগ্ৰেছ, অগপ আৰু সন্মিলিত গণশক্তি দলৰ প্ৰতিনিধিৰ হাতত এটা কপিকৈ খচৰা ভোটাৰ তালিকাৰ প্ৰতিলিপি অৰ্পণ কৰা হয়।
আনহাতে সৰ্বসাধাৰণ ৰাইজে চাব পৰাকৈ এই খচৰা ভোটাৰ তালিকাৰ প্ৰতিলিপি উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে জিলাখনত থকা মিচিং স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ ভোটকেন্দ্ৰসমূহত উপলব্ধ কৰা হৈছে। ভোটাৰ ৰাইজে নিজ এলেকাৰ ভোটকেন্দ্ৰ অথবা উপায়ুক্ত কাৰ্যালয়লৈ আহি কাৰ্যালয় খোলাৰ সময়ত এই খচৰা ভোটাৰ তালিকা পৰিদৰ্শন কৰিব পাৰিব।
২০১৮ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোগ্যতা সম্পন্ন নতুন ভোটাৰৰ নাম সংশোধনীৰে খচৰা ভোটাৰ তালিকাখনৰ সংশোধনী ঘটোৱা হ'ব। চূড়ান্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ আবেদন জনোৱা বা দাবী উত্থাপন কৰা তথা তালিকাৰ পৰা অযোগ্য ভোটাৰৰ নাম কৰ্তনৰ বাবে ওজৰ-আপত্তি দাখিলৰ অন্তিম দিন অহা ২ জানুৱাৰী ধাৰ্য কৰা হৈছে।
সেয়ে, এই অন্তিম সময়সীমাৰ পূৰ্বেই জিলাখনৰ অন্তৰ্গত এমএচিৰ তিনিওটা সমষ্টিৰ যোৱা ১ জানুৱাৰীত ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱা যুৱ-যুৱতীসকলৰ লগতে নতুন ভোটাৰসকলক নাম অন্তৰ্ভুক্তিৰ বাবে নিজ ভোটকেন্দ্ৰলৈ গৈ নিৰ্ধাৰিত আবেদন-পত্ৰ পূৰাই দাবী উত্থাপনৰ বাবে অতিৰিক্ত উপায়ুক্ত দাসে আহ্বান জনাইছে।
একেদৰে খচৰাত নাম থকা কোনো লোক সন্দৰ্ভত আপত্তি থাকিলে, তেওঁৰ নাম কৰ্তনৰ বাবেও অহা ২ জানুৱাৰীৰ ভিতৰতে নিজ ভোটকেন্দ্ৰত নিৰ্দিষ্ট আবেদন-পত্ৰ পূৰাই ওজৰ-আপত্তি দাখিলৰ সুযোগ পাব ৰাইজে। ২ ডিচেম্বৰৰ পাছত নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ কোনো দাবী তথা ওজৰ-আপত্তি গ্ৰাহ্য নহ'ব বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিছে।
- Log in to post comments
- 73 views