বগীবিল দলং মুকলি কৰি প্ৰধান মন্ত্ৰীয়ে কয়, 'এয়া সুশাসনৰ ফল'

ো

২২ বছৰৰ অপেক্ষাৰ অন্তত আজি মুকলি কৰা হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত ষষ্ঠ খন দলং বগীবিল। ৪.৯৮ কিঃমিঃ দৈর্ঘ দলংখন মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দলংখন মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দলঙৰ উত্তৰ পাৰে চিমেণ্ট চাপৰিত অংশগ্ৰহণ কৰে এক ৰাজহুৱা সভাত। উক্ত সভাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক উদেশ্য কৰি ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ আৰম্ভ কৰি সকলোকে ধন্যবাদ জনাই শুভ মুহূৰ্তত সাক্ষী হোৱা বাবে।

লগতে সভাত উপস্থিত থকা জনগণক অসমীয়াতে সম্ভাষণ জনাই। লগতে সভাত উপস্থিত ৰাইজক উদেশ্য কৰি কয় যে মহাবাহু ওপৰৰ নিৰ্মাণ হোৱা এই দলংখন আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ। উল্লেখ যে, ভাষণৰ আৰম্ভণিতে অসমবাসীক উদ্দেশ্যে কৰি আগন্তক মাঘ বিহুৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। সমান্তৰালকৈ অসমৰ বীৰ লাচিত বৰফুকনৰ, সতী সাধিনি, কনকলতা বৰুৱা, চিলাৰায়, চাও লুং চুকাফা, জয়মতী কুঁৱৰী দৰে অমৰ ব্যক্তিসকলক সোঁৱৰণ কৰে আৰু কয় অসমক গৌৰৱোজ্জ্বল কৰি তোলা এইসকল ব্যক্তিলৈ দলংখন উছৰ্গা কৰিলোঁ বুলিও উল্লেখ কৰে।

ইফাল এই জনসভাতে তেওঁ স্মৰণ কৰে অটল বিহাৰী বাজপায়ীকো । তেওঁ কয় আজি অটলজী জন্মদিন আৰু এই জন্মদিনটো সমগ্ৰ দেশত সু-শাসন দিৱস হিচাপে পালন কৰা হৈছে। ইয়াৰ অৰ্থ জন চৰকাৰ বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও তেওঁ কয় দেশত সকলো শ্রেণীৰ ব্যক্তিৰ প্ৰতি যেতিয়া চিন্তা কৰা হয় তাকে সুশাসন বুলি কোৱা কয়। লগতে কয় দেশত সন্তুলিত অৰ্থনীতি স্থাপন হ'লেই সুশাসন হয়। ইয়াৰ উপৰিও দলংখনৰ সন্দৰ্ভত মোডীয়ে কয় যে এইখনেই দেশৰ ভিতৰত একমাত্ৰ দলং য'ত সম্পূৰ্ণ তীখাৰ ব্যৱহাৰ কৰি ৰে'ল দলং নিৰ্মাণ কৰা হৈছে।

একে লগে বাছ, ৰে'ল দুয়োবিধ চলিব পৰা এই দলংখনেৰে দেশৰ সামৰিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ কয়। লগতে তেওঁ কয় অসম আৰু অৰুণাচলৰ মাজতো এটা নতুন যোগাযোগৰ বর্তা বহন কৰিব এই দলংখনে। কাৰণ পূৰ্বতে ২৪ ঘণ্টা লগা অৰুণাচল ভ্ৰমণ এতিয়া এই দলংখনে ৪ ঘণ্টাতে সম্ভৱ কৰি তুলিব বুলি তেওঁ জানিবলৈ দিয়ে। সমান্তৰালকৈ তেওঁ কয় তিনিচুকীয়া পৰা নাহৰলগুনলৈ চলিব লগা ৰে'ল সেৱাই যে কেৱল দূৰত্ব হ্ৰাস কৰাই নহয় অৰ্থনীতি দিশটো আনিব ব্যাপক পৰিৱৰ্তন ।

ডিব্ৰুগড়-ধেমাজি মানুহৰ বাবে এতিয়া নাওঁ যাতায়ত অতীত হ'ল। ইয়াৰ উপৰিও তেওঁ কয় যে এই দলংখনে দেশৰ অৰ্থনীতি দিশটো ব্যাপক পৰিবৰ্তন আনিবলৈ সক্ষম হ'ব। উত্তৰ-পূৰ্বত ব্যৱসায়ত পৰিৱৰ্তন আনিব এই দলংখনে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে লুকইষ্ট পলিছিকো এক নতুন মাত্ৰা প্ৰদান কৰিব এই দলংখনে বুলি উল্লেখ কৰে। তেওঁ এই সভাতে কয় যে পূৰ্বতে চিকিৎসাৰ বাবে লখিমপুৰ, ধেমাজিবাসীৰ লোকসকলে কৰি অহা কষ্ট এতিয়া শেষ হ'ল ।

ডিব্ৰুগড়ই এতিয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই সভাতে তেওঁ কয় যে যিসকল কোম্পানীয়ে দিনে-ৰাতিয়ে কাম কৰি দলংখন সম্পূৰ্ণ কৰি তুলিছে তেওঁলোকৰ বাবে আজি আমি গৰবিত বুলি উল্লেখ কৰি নিৰ্মাণ কোম্পানী তথা কর্মীসকলক ধন্যবাদ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় বিগত ৭০ বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন দলং নিৰ্মাণ কৰিছিল আগৰ চৰকাৰসমূহে কিন্তু বিজেপিয়ে আজি ৩-৪ বছৰত তিনিখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত মুকলি কৰিব পাৰিছে বুলিও উল্লেখ কৰে। আৰু কয় এইয়াই সুশাসন আৰু সুৰাজ্য গঢ়া লক্ষণ। তেওঁ কয় দলংখন কেৱল অটলজীৰ বাবেহে সম্ভৱ হৈ উঠিছিল নিৰ্মাণ কাৰ্য ।

সভাত উপস্থিত থকা ৰাইজক উদেশ্য কৰি মোডীয়ে কয় যে, আপোনালোকৰ মুখত প্ৰাপ্তি হাঁহি দেখিছোঁ । এতিয়া অটলজী আত্মাই শান্তি পাব বুলিও তেওঁ উল্লেখ কৰে। এনেকৈ যদি প্ৰগতি চলি থাকে কেইবছৰ মানত অসম বহু উন্নতি হ'ব বুলিও উল্লেখ কৰে মোডীয়ে । তেওঁ এই সভাতে জানিবলৈ দিয়ে যে ৫০০০ কিঃমিঃ পকী পথৰ কাম নৰ্থ-ইষ্টত অতি কম দিনৰ ভিতৰতে আৰম্ভ হ'ব। আৰু ইয়াৰে প্ৰায় ৮০০ কিঃমিঃ কাম আৰম্ভ ইতিমধ্যে কৰিছেই বুলিও উল্লেখ কৰে।

উল্লেখ যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই সভাত উপস্থিত আছিল ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী প্রেমা খান্দো, বিধায়ক প্ৰদান বৰুৱা প্ৰমুখ্যে কেন্দ্ৰীয় ৰেলমন্ত্ৰী জিতেন্দ্ৰ সিং প্ৰমুখ্যে কেইবাগৰকীয়াও মন্ত্ৰী-বিধায়ক।

Your Comments