সপ্তাহটোৰ নিয়োগ বাৰ্তা

সপ্তাহটোৰ নিয়োগ বাৰ্তা

সমগ্ৰ দেশতে নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ সকলো স্তৰৰ সমস্যা সমাধানৰ অতি গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ'ল সংস্থাপন ৷

দেশৰ কেইটামান প্ৰতিষ্ঠানে সংস্থাপনৰ ক্ষেত্ৰখনত কিছু সহযোগ আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ আমাৰ নিবনুৱাসকলে এই সুযোগ গ্ৰহণ কৰিব লাগে ৷

ৰাজহুৱা খণ্ডৰ বেংকসমূহে ১ লাখ প্ৰাৰ্থীক নিযুক্তি দিবলৈ লৈছে ৷ এছ বি আই, বেংক অব্‌ বৰোদা, কানাড়া বেংক, ছিণ্ডিকেট বেংকে সৰ্বাধিকসংখ্যক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে ৷ বেংকসমূহে ৱেল্‌থ মেনেজমেণ্ট, এনালাইটিক্‌ছ ষ্ট্ৰেটেজী, ডিজিটেল বেংকিং আৰু কাষ্টমাৰ ছাৰ্ভিচেজ আদি বিভাগত নিযুক্তি দিব ৷

অসম ৰাইফল্‌ছত চাকৰি ওলাইছে ৭৪৯টা ৷ মেঘালয়ৰ শ্বিলংস্থিত কাৰ্যালয়ৰ পৰা আবেদন বিচৰা হৈছে ৷ ইচ্ছুক প্ৰাৰ্থীয়ে ১৪ জানুৱাৰী ৰভিতৰত অন্‌-লাইন আবেদন কৰিব পাৰে ৷ বিতংভাৱে জানিবলৈ অসম ৰাইফল্‌ছৰ ৱেবছাইট www.assamrifles.gov.inৰ সহায় ল'ব পাৰে ৷

কেন্দ্ৰীয় সংৰক্ষিত বাহিনী অৰ্থাৎ চি আৰ পি এফত ক্ৰীড়াবিদৰ ৩৫৯টা পদ পূৰণৰ ব্যৱস্থা কৰিছে ৷ ৩৩৯টা কনিষ্টবল পদৰ ২৯৫টা পুৰুষৰ বিপৰীতে ৪৪টা পদ মহিলাৰ বাবে ৷ হেড কনিষ্টবলৰ ২০টা পদৰ ভিতৰত ১৯টা পুৰুষ আৰু ১টা মহিলাৰ বাবে ৷ ১৩ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব পাৰিব৷ www.crpf.gov.inৰ পৰা আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰিব পাৰে৷

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গেছ অথ'ৰিটী অব্‌ ইণ্ডিয়াই ১৭৬টা পদত নিযুক্তি দিব ৷ ইয়াৰে ১৫টা কেমিকেল, ৩০টা মেকানিকেল, ২৫টা ইলেকট্ৰিকেল, ১৩টা ইনষ্ট্ৰুমেণ্টেচন, ৫টা এফ এণ্ড এছ, ৪টা চি এণ্ড পি, ৫টা বি আই এছ, ৬টা চিভিল আৰু ৩টা টেলিকম শাখাৰ ছিনিয়ৰ ইঞ্জিনীয়াৰ পদৰ বাবে ইঞ্জিনীয়াৰিঙৰ স্নাতক নাইবা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ৷ ৩০টা বিপণন শাখাৰ জ্যেষ্ঠ বিষয়া পদৰ বাবে প্ৰাৰ্থী এম বি এ ডিগ্ৰীসহ ইঞ্জিনীয়াৰিং ডিগ্ৰীধাৰী হ'ব লাগিব ৷ ১৫টা ফাইনেন্স এণ্ড একাউণ্টছ শাখাৰ জ্যেষ্ঠ বিষয়া পদৰ বাবে এম বি এ ডিগ্ৰীধাৰী হোৱাৰ লগতে বি কম ডিগ্ৰীধাৰী হ'ব লাগিব ৷ প্ৰাৰ্থীসকলে ৩১ ডিচেম্বৰৰ ভিতৰত অন্‌-লাইন আবেদন কৰিব পাৰিব ৷

গুৱাহাটীস্থিত স্বচ্ছ ভাৰত মিছনৰ ৰাজ্যিক মিছন সঞ্চালকে ৩৮টা পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে ৷

 নেডফিত এছিষ্টেণ্ট মেনেজাৰ আৰু মেনেজমেণ্ট ট্ৰেইনী নিয়োগ কৰিবলৈ অৰ্হতাসম্পন্ন প্ৰাৰ্থী বিচৰা হৈছে ৷ অধিক জানিবলৈ ৱেবছাইট www.nedfi.com লগ-ইন কৰিব পাৰে ৷

Your Comments