বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
কলিয়াবৰ তিনিআলিত উদ্ধাৰ মহিলাৰ মৃতদেহক লৈ বিশ্বনাথত চাঞ্চল্য । চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হোৱা মহিলা গৰাকীৰ নাম পাপৰি বৰুৱা। পাপৰি বৰুৱা হ'ল বিশ্বনাথ চাৰিআলি বামগাঁৱৰ নিবাসী গোলাপ বৰুৱাৰ পত্নী।। সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল মৃত পাপৰি। বেংকলৈ যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হোৱা মহিলাগৰাকী কেনেকৈ পালে কলিয়াবৰ।
উল্লেখ্য যে, সোমবাৰে মৃত মহিলাগৰাকী বিশ্বনাথৰ এইছ ডি এফ চি বেংকলৈ গৈছিল টকা উলিয়াবলৈ । কিন্তু বেংকৰ পৰা উভতি অহাত দেৰি হোৱাত পৰিয়ালৰ লোকে মহিলাগৰাকীক মোবাইলত ফোন কৰে যদিও ৰিচিভ নকৰিলে। যাৰ বাবে উপায়ন্তৰ হৈ পৰিয়ালৰ লোক কাষ চাপিল বিশ্বনাথ আৰক্ষী থানাৰ আৰু জনালে পাপৰি নিৰুদ্দেশ হোৱা ঘটনাৰ কথা।
কিন্তু আজি পুৱা কলিয়াবৰ তিনিআলিত উদ্ধাৰ হ'ল বিশ্বনাথৰ পৰা নিৰুদ্দেশ হোৱা পাপৰিৰ মৃতদেহ। ডিঙিত চিপজৰি লোৱা অৱস্থাত ৰহস্য জনকভাৱে পাপৰিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সম্প্ৰতি বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পৰিয়ালৰ লোকৰ অভিযোগ এই ঘটনা কোনো কাৰণতে আত্মহ্যাৰ ঘটনা নহয়। এইটো এক পৰিকল্পিত হত্যাকাণ্ডহে। টকাৰ বাবেই কোনো লোকে পাপৰিক অপহৰণ কৰি এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ পৰিয়াল তথা চুবুৰীয়াৰ। এতিয়া আৰক্ষীৰ অনুসন্ধানতহে ফাদিল হ'ব প্ৰকৃত ৰহস্য ।
- Log in to post comments
- 381 views