গণিত এক আনন্দদায়ক বিষয় হিচাপে ছাত্র-ছাত্ৰীয়ে ভৱা উচিত : বিশিষ্ট গণিতজ্ঞ ড: ৰাজু বৰদলৈ 

w

"সম্প্ৰতি গণিতৰ প্ৰতি মানুহৰ আগ্ৰহ কমিছে। পুৰ্বে এয়া নাছিল। ক্ৰিকেট খেলত হাজাৰটা নিয়ম থকাৰ পিছতো ইয়াৰ প্ৰতি আগ্ৰহ দেখা যায়। আনকি সকলোৱে ইয়াক উপভোগ কৰি ভাল পায়। কিন্তু অংকত চাৰি/পাঁচটা নিয়ম থকাৰ পাছতো ইয়াৰ প্ৰতি সকলোৰে বিৰক্তি জাগে।"-এই মন্তব্য ছয়গাঁও কলেজৰ অধ্যক্ষ তথা বিশিষ্ট গণিতজ্ঞ ড: ৰাজু বৰদলৈৰ। নগাঁৱৰ জিলাৰ কুজীদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় গণিত দিৱসৰ সামৰণি অনুষ্ঠানত সোমবাৰে অংশ কৰি এইদৰে মন্তব্য কৰি ড: ৰাজু বৰদলৈয়ে কয় -আচলতে অংক বিষয়টো টান বুলি কৈ একাংশ‌ই ছাত্ৰ-ছাত্ৰীক ইয়াৰ পৰা আতৰাই ৰাখিব বিচাৰে।

কিন্তু এয়া কৰা উচিত নহয়। গণিতক টান বিষয় বুলি বিবেচনা কৰাৰ কাৰণ উল্লেখ কৰি গণিতজ্ঞ ড: বৰদলৈয়ে লগতে কয় - সকলো বস্তুৰে জন্ম বৃতান্ত থাকে আৰু আমি ইয়াক জনাৰ চেষ্টা কৰোঁ। কিন্তু আমাৰ শিক্ষক সমাজে অংক অৰ্থাৎ ১,২,৩,৪, জন্মৰ কথা ছাত্ৰ-ছাত্ৰীক ক'ব নিচাৰে। যাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে অংক বিষয়টো এক টান বিষয় হিচাপে ভাৱি লয়।

ইয়াৰ বাবে শিক্ষকসকলক উপযুক্ত প্ৰশিক্ষণ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি তেওঁ আহ্বান জনায়। তদুপৰি তেওঁ গণিতক এক আনন্দ‌দায়ক বিষয় হিচাপে ভাবিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায় কয় - তুমি ক'ত পঢ়ি আছা, সেইটো ডাঙৰ কথা নহয়, কিন্তু তুমি কি কৰি আছা, সেইটোহে ডাঙৰ কথা। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ দলংঘাট খণ্ড, নগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে অনুষ্ঠিত সভাখনত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনন্ত গগৈয়ে মুখ্য অতিথি হিচাপে অংশ লৈ কয় - বিকাশৰ মুলচাবি কাটি হ'ল বিজ্ঞান আৰু প্ৰযুক্তি।

সেয়ে অসমখন যেতিয়াই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত আগবাঢ়ি যাব, তেতিয়াই আমাৰ ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়ন সম্ভৱ হ'ব। তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি ধাউতি বৃদ্ধিৰ আহ্বান জনায় কয় - ছাত্ৰ-ছাত্ৰীসকলকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজকে সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাত ব্ৰতী হ'ব লাগে।

বিপুল ৰাজখোৱাই আত ধৰা সভাত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে আয়োজিত গণিতৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগিতা, কুইজ আদি প্ৰতিযোগিতাৰ বিজয়ী ছাত্র-ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ কৰে।  সভাত বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশৰ জ্যেষ্ঠ বিজ্ঞানী ক্ৰমে ড: ৰনজিৎ বৰ্মণ, বিমান বৰুৱা, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক কিশোৰ দেৱ প্ৰমুখ্যে ভালেকেইগৰাকী উপস্থিত থাকে।

Your Comments