নেপালত যাত্ৰীবাহী বাছৰ ভয়ংকৰ পথ দুৰ্ঘটনা

ো

শুকুৰবাৰে পশ্চিম নেপালত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাত ২৩জন লোক নিহত হোৱাৰ লগতে ১৪জন আহত হয়৷ আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ উল্লেখযোগ্য যে, নেপালৰ কৃষ্ণা সেন ইষুক পলিটেকনিক ইনষ্টিটিউটৰ শিক্ষামূলক ভ্ৰমণৰ বাবে শিক্ষাৰ্থী কঢ়িয়াই অনা যাত্ৰীবাহী বাছখনে নেপালৰ দাঙ জিলাৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুওৱাই পাহাৰৰ পৰা ৭০০ মিটাৰ ফুট তলত বাগৰি পৰে৷ দুৰ্ঘটনাগ্ৰস্থ বাছখনত ৩৭জন যাত্ৰী আছিল৷ তাৰে ৩৪গৰাকী শিক্ষাৰ্থী আৰু ২গৰাকী শিক্ষক আছিল৷ এই দুৰ্ঘটনাত নিহত ২৩জন যাত্ৰীৰ ভিতৰত সৰহ সংখ্যকে ১৬ৰ পৰা ২০ বছৰ বয়সৰ শিক্ষাৰ্থী আছিল৷ দুৰ্ঘটনাগ্ৰস্থ বাছখনত থকা দুগৰাকী শিক্ষকৰ লগতে বাছখনৰ চালকজনো নিহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আনহাতে, এই বাছ দুৰ্ঘটনাটো জৰাজীৰ্ণ পথ ব্যৱস্থাৰ লগতে তীব্ৰ বেগত চলোৱা বাবে হোৱা বুলিও আৰক্ষীয়ে সংবাদ মাধ্যমক জনিবলৈ দিয়ে৷

Your Comments