সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষিত হ'ল যদিও নিৰ্বাচনী ফলাফলে ঠায়ে ঠায়ে বিভিন্ন ৰাজনৈতিক দলক জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত শ'লঠেকত পেলাইছে ৷ কাৰণ জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত কেবাখন জিলাত প্ৰয়োজন হোৱা একক সংখ্যাগৰিষ্ঠতা কোনো এটা ৰাজনৈতিক দলে পোৱা নাই ৷ ফলত জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা আসনৰ বাবে মনে নিবিচৰা দলৰ সৈতেও বাধ্য হৈ জিলা পৰিষদ গঠন কৰিবলগীয়া অৱস্থা এটা আহি পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ সন্মুখত ৷ বঙাইগাঁও জিলাতো একেই অৱস্থা ৷
জিলাখনত অসম গণ পৰিষদ দলে সৰ্বাধিক আসন লাভ কৰিছে যদিও জিলা পৰিষদ গঠনৰ ক্ষেত্রত আঞ্চলিকতাবাদী দল অগপক এতিয়া সংগীৰ প্ৰয়োজন হৈ পৰিছে ৷ তৎস্বত্বেও দলটোৱে জিলা পৰিষদ গঠনৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে। উল্লেখ্য যে ১২ খন আসন বিশিষ্ট বঙাইগাঁও জিলা পৰিষদ গঠন কৰিবলৈ হ'লে মেজিক সংখ্যা ৭ৰ প্ৰয়োজন যদিও সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত জিলাখনত কোনো দলেই মেজিক সংখ্যা লাভ কৰিবলৈ সক্ষম হোৱা নাই।
বঙাইগাঁও জিলা পৰিষদৰ মুঠ ১২খন আসনৰ ভিতৰত এইবেলি অসম গণ পৰিষদ দলে সৰ্বাধিক ৫ খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে ৩ খন, বিজেপিয়ে ২ খন আৰু এ আই ইউ ডি এফ দলে ২ খন আসন লাভ কৰিছে ৷ এনে অৱস্থাত অসম গণ পৰিষদ দলে বঙাইগাঁও জিলা পৰিষদ গঠন কৰিবলৈ হ'লে বিজেপি, এ আই ইউ ডি এফ নতুবা কংগ্ৰেছ দলৰ সহায় ল'ব লাগিব। কিন্তু কোনটো দলৰ সহায় লৈ অগপ দলে জিলা পৰিষদ গঠন কৰিব তাকে লৈ এতিয়া সকলোৰে আলোচনাৰ বিষয় হৈ পৰিছে ৷
একেদৰে ৰাজনৈতিক পৰ্যৱেক্ষকসকলোৰো দৃষ্টি নিৱদ্ধ হৈছে জিলাখনত ৷ কাৰণ ২০১৩ বৰ্ষত অসম গণ পৰিষদ দলে কেৱল ৩ খন আসন লাভ কৰিও জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ৫ খন আসন লাভ কৰা কংগ্ৰেছ দল বঞ্চিত হৈছিল ৷ কংগ্ৰেছ দলক আন দলে সমৰ্থন নকৰাৰ বাবে সৰ্বাধিক আসন লাভ কৰিও জিলা পৰিষদ গঠন কৰাত ব্যৰ্থ হৈছিল দলটো ৷ যোৱাবাৰ এ আই ইউ ডি এফ দলে ৩ খন আৰু চি পি আই(এম) দলে এখন আসন লাভ কৰিছিল ৷
পিচত জিলা পৰিষদ গঠনৰ সময়ত অগপ দলক দল দুটাই সমৰ্থন কৰাত অগপ- এ আই ইউ ডি এফ আৰু চি পি আই (এম) দলৰ দ্বাৰা জিলা পৰিষদখন গঠিত হৈছিল ৷ এইবাৰ অগপ দলক লাগে কেৱল ২ খন আসন ৷ সংগীৰ অভাৱ নাই ৷ অগপৰ মিত্ৰ দল বিজেপি অথবা পুৰণি সংগী এ আই ইউ ডি এফৰ সমৰ্থনত জিলা পৰিষদ গঠন কৰিব পাৰিব ৷ কিন্তু বিজেপি চৰকাৰৰ মিত্ৰ দল হিচাপে অগপই বিজেপিৰ সৈতেই জিলা পৰিষদ গঠন কৰাৰ সম্ভাৱনা অধিক ৷
অৱশ্যে ৰাজনৈতিক দিশৰ পৰা এনে কৰিলে আঞ্চলিক দলটোৰ সাংগঠনিক দিশত ক্ষতি হোৱাৰ সম্ভাৱনা নথকা নহয় ৷ কাৰণ অগপৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপিৰ সাংগঠনিক স্থিতি শক্তিশালী নোহোৱা স্বত্বেও এইবাৰ দলটোৱে এখন গাঁও পঞ্চায়তৰ সভাপতিৰ আসন, এখন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন আৰু ১৪খন গাঁও পঞ্চায়তৰ সদস্যৰ আসন দখল কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে সমগ্ৰ জিলাখনত দুখন জিলা পৰিষদৰ সদস্যৰ আসন, ১৩খন গাঁও পঞ্চায়তৰ সভাপতিৰ আসন, ১১খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন আৰু ১৩৬ খন গাঁও পঞ্চায়তৰ সদস্যৰ আসন লাভ কৰিছে ৷
সেয়ে চতুৰ অগপই বিজেপিৰ সহায় লৈ জিলা পৰিষদ গঠন কৰিলে অনাগত ভৱিষ্যতে জিলাখনত বিজেপিৰ সাংগঠনিক ভেঁটি ক্ৰমশ শক্তিশালী হ'ব বুলি আশংকা কৰি বিজেপিৰ সমৰ্থনত জিলা পৰিষদ গঠন নকৰিবও পাৰে। তেনেস্থলত পূর্বৰ সংগী এ আই ইউ ডি এফ দলক লগতলৈয়ে অগপই বঙাইগাঁও জিলা পৰিষদ গঠন কৰাৰ সম্ভাৱনা থকা বুলি চৰ্চিত হৈছে ৷ অৱশ্যে অগপই জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত পূৰ্বতে কংগ্ৰেছৰ সৈতে হাত মিলোৱাৰ উদাহৰণো আছে৷ ৰাজনীতিত অসম্ভৱ বুলিবলৈ একো নাই ৷
কিন্তু জিলা পৰিষদ গঠনৰ ক্ষেত্রত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা আৰু ৰাজ্য চৰকাৰৰ মন্ত্রী তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ সিদ্ধান্তই চূড়ান্ত বুলি বিৱেচিত হ'ব। কাৰণ বঙাইগাঁৱৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্রী ফণীভূষণ চৌধুৰীয়ে নিজৰ গৃহ জিলা বা সমষ্টিত তেওঁৰ ৰাজনৈতিক অংকত গুৰুত্ব দি সময় সাপেক্ষে ৰাজ্যিক প্ৰেক্ষাপটত অগপ দলে লোৱা সমূহীয়া দৃষ্টিভংগীতকৈ সুকীয়া নীতি গ্ৰহণ কৰি অহাৰ নজিৰ আছে ।
২০০২ বৰ্ষত বঙাইগাঁও জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত কংগ্রেছৰ সহায় লৈছিল অগপই ৷ আনহাতে ২০১৩ বৰ্ষত এ আই ইউ ডি এফ আৰু চি পি আই(এম)ৰ সৈতে হাত মিলাই বঙাইগাঁও জিলা পৰিষদ গঠন কৰিছিল। তেনে ক্ষেত্ৰত এইবেলি কংগ্রেছ নতুবা এ আই ইউ ডি এফক সংগী হিচাপে লৈ বঙাইগাঁও জিলা পৰিষদ গঠন কৰিলে আচৰিত হ'ব লগা একো নাথাকিব। কিন্তু মিত্ৰ দল বিজেপিকে সংগী হিচাপে লৈ জিলা পৰিষদ গঠনৰ সম্ভাৱনা অধিক ৷ তাৰোপৰি জিলা বিজেপিৰ নেতৃত্বৰ সৈতেও মন্ত্ৰী তথা বিধায়কগৰাকীৰ মধুৰ সম্পৰ্ক থকা বুলিয়ে জানে স্থানীয় ৰাইজে ৷
সেইদৰে পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিজেপি দলৰ নেতাই নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীক সমালোচনা কৰি নীলা শিয়াল বুলি আখ্যা দিলেও সেয়া ৰাজনৈতিক বুলিয়ে মানি ল'ব পাৰে ৷ কাৰণ নিৰ্বাচনী প্ৰচাৰ সভাত এটা দলে আনটো দলক গুৱাল গালি পৰাটো এটা নিয়মত পৰিণত হৈছে ৷ ইপিনে অগপৰ এক সূত্ৰই প্ৰকাশ কৰা মতে জিলা পৰিষদ গঠনৰ বাবে অগপই প্ৰথমে কোনো দলৰ ওচৰত সমৰ্থন বিচাৰি নাজায় ৷
যদি কোনোবা দলে নিজে আগবাঢ়ি আহি সমৰ্থন জনায়, তেতিয়াহ'লে সেই দলৰ লগত আলোচনা কৰিব ৷ এনে অৱস্থাত বঙাইগাঁৱত জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত অগপৰ সংগী কোন হ'ব অথবা কাৰ সৈতে অগপই হাত মিলাব সেয়া চাবলগীয়া হ'ব ৷
- Log in to post comments
- 15 views