মৃত্যু তিথিৰ দিনা জন্মস্থানতে উপক্ষিত আব্দুল মালিক

w

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আজিৰ পৰা ১৮ বছৰ পূৰ্বে ২০ ডিচেম্বৰৰ এই দিনটোতে গোলাঘাট জিলাৰ নাহৰণি অঞ্চলত জন্ম গ্ৰহণ কৰা বিশিষ্ট সাহিত্যিক, ১৯৭৭ চনত অভয়াপুৰী সাহিত্যসভাৰ সভাপতি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা বিশিষ্ট সাহিত্যিক সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিক দেৱে এই পৃথিৱীৰ পৰা মেলানি মাগিছিল৷

কিন্তু অতি পৰিতাপৰ বিষয় যে নিজ জন্মস্থান গোলাঘাট জিলা সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চৈয়দ আব্দুল মালিক ভৱনত দেখা নগ'ল সাহিত্যিকগৰাকীক স্মৰণৰ কৰাৰ কোনো অনুষ্ঠান। আনহে নালাগে গোলাঘাট চহৰখনৰ  কোনো স্থানতে বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ দিনটো স্মৰণ নকৰা কথাটোৱে সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু এইদৰেই হয়তো এদিন পাহৰনিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হৈছে বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যু তিথি।

চলিত বৰ্ষত অতি ধুম-ধামেৰে জন্ম শতবৰ্ষ পালন কৰা দেখা গৈছিল যদিওঁ মৃত্যু তিথিটো  এনেদৰে অৱজ্ঞা কৰা কথাটোক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই গোলাঘাটৰ সচেতন লোকে৷ ইফালে জিলা সাহিত্য সভাৰ সম্পাদকগৰাকীয়ে সাহিত্যিকজনৰ আৱক্ষ মূৰ্তিৰ পুনৰ নিৰ্মাণৰ কামত ব্যস্ত থকাৰ কথাহে উল্লেখ কৰি দায়ত্ব এৰাই চলা পৰিলক্ষিত হয়৷  অৰ্থাৎ নতুন বৰ্ষৰ প্ৰথম মাহত এই নৱ নিৰ্মিত আৱক্ষ মূৰ্তি উন্মোচনৰ কথা কৈয়ে সম্পাদকজনে দায় সৰাৰ প্ৰয়াস কৰে৷

Your Comments