যমুনামুখত ৰেল বিভাগৰ উচ্চেদৰ জাননী  পাই ব্যৱসায়ীৰ মৃত্যু

w

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ 
ৰেল বিভাগৰ পৰা উচ্ছেদৰ জাননী লাভ কৰি আজি হোজাই জিলাৰ যমুনামুখ ৰেল ষ্টেশনৰ ওচৰৰ স্থানীয়  ব্যৱসায়ী এজনৰ হৃদক্ৰিয়া বন্ধ হৈ আকস্মিক মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে l জানিব পৰা মতে যমুনামুখ গোপীনাথ কলনীৰ  বাসিন্দা তথা ষ্টেচন ৰোডৰ ব্যৱসায়ী যাদব দত্ত (৫৫)-ই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ  ভূমিত কেৱা দশক ধৰি ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান সাজি পৰিয়াল সহ বসবাস কৰি আছিল ৷

ৰেল বিভাগৰ নিজা মাটিৰ প্ৰয়োজন হোৱাত ৰেলৰ মাটি বেদখল কৰি ৰখা সকলক মাটি খালি কৰিবৰ বাবে পৰ্য্যায়ক্ৰমে জাননী প্ৰেৰণ কৰি    আহিছিল ৷ তাৰ অংশ হিচাপে ৰেল বিভাগে যাদৱ দত্তৰ পৰিয়াললৈ  কেইদিনমান পূৰ্বে উচ্ছেদৰ এক জাননী প্ৰেৰণ কৰিছিল l এই জাননী লাভ কৰাৰ পাছৰে পৰা ব্যৱসায়ী যাদব দত্ত মানসিকভাবে ভাগি পৰিছিল ৷ আজি দত্তক লামডিং ৰেল সংমণ্ডলৰ ডি আৰ এম কাৰ্য্যালয়ৰ পৰা এখন চিঠি প্ৰেৰণ কৰি  কাৰ্য্যালয়লৈ তলব কৰিছিল ৷

পুৱাৰ ভাগত লামডিঙলৈ যোৱাৰ প্ৰস্ততি চলাই থকাৰ সময়তে ব্যৱসায়ী দত্তই মানসিকভাবে ভাঙি  আকস্মিক ভাবে নিজ গৃহতে পুৱা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে ৷ উল্লেখ্য যে যমুনামুখ ৰেল ষ্টেচনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে উওৰ-পূব সীমান্ত ৰেলৱে বেদখল মুক্ত কৰাৰ  পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইয়াৰ অংশ হিচাপে দীৰ্ঘ দিন ধৰি ৰেলৰ মাটিত বসবাস কৰা তথা দোকান ঘৰ সাজি ব্যৱসায়ী কৰি অহা লোকলৈ ৰেল বিভাগে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে জাননীৰ সময় সীমা উকলি গৈছে ৷

ৰেল বিভাগৰ জাননী পাই গৃহহীন হোৱাৰ আশংকাত বহু লোকে চকুৰ টোপনি হৰিছে ৷ ইপিনে  ব্যৱসায়ীজনৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰি যমুনামুখ ষ্টেচন ৰোডৰ ব্যৱসায়ীসকলে আজি ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি সমবেদনা জ্ঞাপন কৰে ৷ শতাধিক ৰাইজৰ উপস্থিতিত এৰাকপিলী শ্মশানত দত্তৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

Your Comments