মৰিগাঁৱৰ পৰা জিতুমনি নাথ
প্ৰাকৃতিক দূৰ্যোগৰ সময়ত জিলা প্ৰশাসনে লবলগীয়া ব্যৱস্থাৰ ওপৰত আজি মৰিগাঁও নগৰৰ ৫ ঠাইত ম’ক ড্ৰিল প্ৰদৰ্শন কৰা হয়।ভাৰত চৰকাৰৰ দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত আৰু মৰিগাঁও জিলা প্ৰশাসন তথা দূৰ্যোগ প্ৰাধিকৰণৰ সহযোগত অগ্নিনিৰ্বাপন বিভাগৰ স্কোৱাড কামাণ্ডেন্ট আবু আলীৰ তত্বাৱধানত এন ডি আৰ এফ,এচ ডি আৰ এফৰ লগতে বিভিন্ন চৰকাৰী বেচৰকাৰী সংগঠনৰ অংশ গ্ৰহণৰে আকস্মিকভাবে প্ৰাকৃতিক দূৰ্যোগৰ সন্মুখীন হলে বিশেষকৈ ভূমিকম্পৰ জোকাৰণিৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিত লব লগা সাৱধানটা বিষয়ে ম’ক ড্ৰিল তথা আখৰা প্ৰদৰ্শন কৰা হয়।
আজি মৰিগাঁৱত অনুষ্ঠিত হোৱা মৰ্ক ড্ৰিল কায্যসূচীত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ দূৰ্যোগ প্ৰাধিকৰণৰ ক্ষেত্র বিষয়া জোগান আংগুৰ গোস্বাৰ আৰু বেৰু দুলনে। আজি এই মেগা ম’ক ড্ৰিল কাৰ্যসূচী সুকলমে সম্পাদন কৰাত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে অংশগ্ৰহণকাৰীৰ লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰী সকললৈ জিলা উপায়ুক্ত ঋতুৰাজ বৰাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
- Log in to post comments
- 14 views