হাতীগাঁৱত আৰক্ষীৰ হাতত কৰায়ত্ত গভাইত চোৰ : দুই সহযোগীৰ পলায়ন

হাতীগাঁৱত১আৰক্ষীৰ১হাতত১কৰায়ত্ত১গভাইত১চোৰ১ো১দুই১সহযোগীৰ১পলায়ন

মহানগৰীত চোৰৰ বিলৈ । তলা খুলি গৃহস্থৰ ঘৰত প্ৰৱেশ কৰিবলৈ নৌপাওঁতেই পৰিল আৰক্ষীৰ জালত । এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ হাতীগাঁও সুন্দৰপুৰত ।

পুৱতি নিশা গৃহস্থ টোপনিত থকাৰ সুযোগ গ্ৰহণ কৰি চোৰ কৰিবলৈ আহিছিল তিনিটা চোৰ ক্ৰমে মইদুল আলী, জব্বৰ আলী আৰু আনচাৰ । কিন্তু দিন বেয়া আছিল চোৰ তিনিটাৰ ।

গৃহস্থ সেই সময়ত সাৰে আছিল আৰু গে'টৰ তলা খোলাৰ উমান পাই খবৰ দিলে ওচৰতে থকা হাতীগাঁও আৰক্ষী চকীত । খবৰ পাই হাতীগাঁও থানাৰ আৰক্ষী গৈ তলা খুলি থকা অৱস্থাতে আটক কৰে মইদুল আলী নামৰ গভাইত চোৰটোক ।

ইপিনে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে আন দুই সহযোগী । বৰ্তমান হাতীগাঁও আৰক্ষী চকীত ধৃত মইদুল আলীক তীব্ৰ জেৰা কৰি থকা হৈছে । লগতে পলায়ন কৰা চোৰ দুটাক ধৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে আটকাধীন মইদুলৰ ঘৰ ছয়গাঁৱত বুলি জানিব পৰা গৈছে ।

Your Comments