পুনৰ ভঙা-পতা ৰাজনীতিত ব্যস্ত মৰিগাঁও পৌৰসভা : ১১ জনৰ ৮ জন সদস্যই আনিলে অনাস্থা

ে

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

মৰিগাওঁ ৰাইজৰ উন্নয়নৰ প্ৰতি কোনো ধৰণৰ গুৰুত্বৰ আৰোপ নকৰা একমাত্ৰ ক্ষমতা লাভৰ বাবেই পুনৰ ভঙা পতা ৰাজনীতি আৰম্ভ হৈছে মৰিগাওঁ পৌৰসভাত। বিশেষকৈ মৰিগাঁও পৌৰসভাৰ মজিয়াত শাসকীয় বিজেপি দলৰ সদস্যসকলৰ মাজতেই ক্ষমতা লাভৰ বাবে চলি থকা ক্ষমতা কেন্দ্ৰীক যুঁজে বিজেপি দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

বিগত পৌৰসভা নিৰ্বাচনৰ পিছৰে পৰা চলি থকা ক্ষমতা কেন্দ্ৰীক যুঁজৰ বাবেই সম্প্ৰতি উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল মৰিগাওঁবাসীয়ে। পূৰ্বৰ পৌৰপতি অৰ্চনা বৰদলৈক ক্ষমতাৰ অপব্যৱহাৰ, মইমতালি, স্বজন তোষণ আদিৰ অভিযোগত ক্ষমতাচ্যুত কৰাৰ পিছত পুনৰ ডেৰ বছৰৰ পিছত বৰ্তমানৰ পৌৰপতি মধুস্মিতা গোহাঁই ডেকা অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ'বলগীয়াত পৰিছে। বৰ্তমানৰ পৌৰপতি মধুস্মিতা গোহাঁই ডেকা অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ'বলগীয়া হোৱা কাৰণ হৈছে চৰকাৰৰ আঁচনি সঠিকভাৱে ৰুপায়ণ কৰিব নোৱাৰি পৌৰসভাৰ উন্নয় স্থবিৰ কৰা আৰু ৱাৰ্ড সদস্যসকলৰ লগত সৌহাদ্য সম্পৰ্ক ৰক্ষা নকৰাৰ অভিযোগ।

১১ জনীয়া মৰিগাওঁ পৌৰসভাৰ সদস্যসকলৰ ভিতৰত আজি অনাস্থা প্ৰস্তাৱৰ সপক্ষে স্বাক্ষৰ কৰে ৮ জনকৈ ৱাৰ্ড সদস্যই। তদুপৰি ১১ জনীয়া পৌৰসভাখনত বিজেপিৰ ৬ জন, কংগ্ৰেছৰ ৪ জন আৰু অগপৰ আছে এজন সদস্যৰ । আজি মৰিগাঁও জিলা উপায়ুক্তক দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ পত্ৰত স্বাক্ষৰ কৰা বিজেপি ৱাৰ্ড সদস্যসকল হৈছে ময়মুল চুলতান, পূৰ্ণিমা ৰায়, ৰঞ্জিত কুমাৰ ডেকা, লোহিত কলিতা আৰু পূৰ্বৰ পৌৰপতি অৰ্চনা বৰদলৈ। কংগ্ৰেছৰ ৱাৰ্ড সদস্য ভিতৰত আছে চেহনাজ খানম আৰু শ্ৰীমন্ত মেধী অগপৰ মঞ্জু শৰ্মা। অনাস্থা পত্ৰত স্বাক্ষৰ নকৰা ৱাৰ্ড সদস্যসকলৰ ভিতৰত আছে কংগ্ৰেছৰ জুলি নিৰ্মলীয়া আৰু ধনেশ্বৰ দাস।

উল্লেখ্য যে বিজেপিৰ দখলত থকা মৰিগাঁও পৌৰসভাত বিজেপি সদস্য সকলেই বিজেপিৰ পৌৰপতিৰ বিৰোধে বাৰে বাৰে অনাস্থা প্ৰস্তাৱৰে মৰিগাওঁ পৌৰসভা ভঙা-পতা কৰি উন্নয় ব্যাহত কৰি তুলাত বিজেপিৰ নেতৃত্বৰ যে নিজ দলৰ নেতাক-কৰ্মীসকলৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই সেইয়া বহি:প্ৰকাশ ঘটা বুলি চৰ্চিত হৈছে মৰিগাওঁ ৰাজনীতি মহলত।

ইফালে মৰিগাঁও নগৰৰ পথ উন্নয়নৰ নামত আৱন্টিত ধনৰ ভাগ বতৰাক লৈ মৰিগাওঁ পৌৰসভাত এই ৰাজনীতি আৰম্ভ হোৱা বুলিও সৰব চৰ্চা চলিছে। এই ক্ষেত্ৰত বিজেপিৰ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয়।
 

Your Comments