চন্দ্ৰমোহন শৰ্মাৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ : সৰ্থেবাৰীত বিশাল আয়োজন

চন্দ্ৰমোহন শৰ্মাৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ : সৰ্থেবাৰীত বিশাল আয়োজন

চেঙাৰ পৰা সুৰজিৎ পাঠক

সমগ্ৰ সৰ্থেবাৰী অঞ্চলৰ লগতে পশ্চিম নলবাৰী অঞ্চলৰ পুৰোধা ব্যক্তি প্ৰয়াত শিক্ষাগুৰু চন্দ্ৰমোহন শৰ্মাৰ জন্ম শতবাৰ্ষিকী সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হ'ব এটি আৱক্ষ মূৰ্তি ।

চন্দ্ৰমোহন শৰ্মা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত কেইবালক্ষ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এটি আঠ ফুট উচ্চতাৰ আৱক্ষ মূৰ্তি । উল্লেখ্য যে মানুহ গঢ়াৰ খনিকৰ চন্দ্ৰমোহন শৰ্মা আছিল সৰ্থেবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ।

যিখন পঢ়াশালি আছিল পশ্চিম নলবাৰী আৰু পূব বৰপেটা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান । প্ৰয়াত চন্দ্ৰমোহন শৰ্মাৰ গুণগত শিক্ষাৰে শিক্ষিত হৈ মানুহ হোৱা সেইসকল ছাত্ৰই আজিও চন্দ্ৰমোহন শৰ্মাৰ নাম সোঁৱৰণ কৰি মূৰ দোৱায় ।

চন্দ্ৰ প্ৰকাশৰ স্বত্ত্বাধিকাৰ ৰাজেন শৰ্মাৰ পিতৃ প্ৰয়াত চন্দ্ৰমোহন শৰ্মাৰ এই আৱক্ষ মূৰ্তি অহা ২২ ডিচেম্বৰত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাবে উন্মোচন কৰা হ'ব ।

এই উপলক্ষে সেইদিনা পুৱা কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক উমাকান্ত দেবে মংগলাচাৰণেৰে অনুষ্ঠান মুকলি কৰিব । তাৰ পাছত মানুহ গঢ়াৰ খনিকৰ প্ৰয়াত চন্দ্ৰমোহন শৰ্মাৰ আৱক্ষ মূৰ্তি আনুষ্ঠানিকভাবে উন্মোচন কৰিব ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডঃ ৰবীন দেৱ চৌধুৰীয়ে ।

তাৰ লগে লগে স্মৃতি তৰ্পণ আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব । এই অধিবেশনতে চন্দ্ৰমোহন শৰ্মাৰ সহকৰ্মী শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞপন কৰাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সু-সাহিত্যিক তথা সু-প্ৰশাসক, বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে আৰু অধিবেশনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ডঃ বসন্ত কুমাৰ ভূঞা ।

আবেলি ডঃ বসন্ত কুমাৰ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত হ'ব ন-পুৰণি ছাত্ৰৰ সমাৰোহ । চন্দ্ৰমোহন শৰ্মা স্মৃতিৰক্ষা সমিতিৰ সভাপতি, অৱসৰী অধ্যাপক অজিত তালুকদাৰৰ লগতে সম্পাদক গিৰীন দাসে জানিবলৈ দিয়ামতে, প্ৰয়াত মহীৰূহ চন্দ্ৰমোহন শৰ্মাৰ দুই শতাধিক গুণমুগ্ধ ছাত্ৰ উপস্থিত থকাৰ লগতে বহু গুণী-জ্ঞানী ব্যক্তি অনুষ্ঠানত উপস্থিত থাকিব ।

Your Comments