১৯ অনুৰ্ধ টেষ্ট ক্ৰিকেটত ১২ বছৰীয়া ৰেকৰ্ড ভংগ

১৯ অনুৰ্ধ টেষ্ট ক্ৰিকেটত ১২ বছৰীয়া ৰেকৰ্ড ভংগ

১৯ অনুৰ্ধ টেষ্ট ক্ৰিকেটত ২৮২ ৰাণৰ বিশাল ইনিংছ ! এই ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিছে ভাৰতৰ উদীয়মান ক্ৰিকেটাৰ পৱন শ্বাহে। ১৮ বছৰীয়া শ্বাহে এই বিশাল স্ক’ৰ অৰ্জন কৰে শ্ৰীলংকাৰ বিৰুদ্ধে। যুৱ টেষ্ট ক্ৰিকেটত এজন ভাৰতীয় খেলুৱৈ হিচাপে পৱনৰ এয়া এক অভিলেখ। ২৮২ ৰাণৰ বাবে পৱনক প্ৰয়োজন হ’ল ৩৩২টা বলৰ। পৱনৰ পূৰ্বে যুৱ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ভাৰতীয়জন আছিল তন্ময় শ্ৰীবাস্তৱ। তন্ময়ে ১২ বছৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল ২২০ ৰাণ। উল্লেখ্য, পৱনৰ দ্বাৰা সংগৃহীত ২৮২ ৰাণ হ’ল যুৱ টেষ্ট ক্ৰিকেটত বিশ্বৰ দ্বিতীয় সৰ্বাধিক স্ক’ৰ। ৩০৪ ৰাণেৰে শীৰ্ষ স্থানত আছে অষ্ট্ৰেলিয়াৰ বেটছমেন ক্লিণ্টন পীক।

Your Comments