নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৬ বছৰত নিযুক্তি পালে মাত্ৰ ৫২জনে

নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৬ বছৰত নিযুক্তি পালে মাত্ৰ ৫২জনে

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁৱৰ নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে বিগত ৬টা বিত্তীয় বৰ্ষত মাত্ৰ ৫২জন পঞ্জীভুক্ত নিবনুৱাইহে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে । স্মৰ্তব্য যে নগাঁও নিয়োগ বিনিময় কেন্দ্ৰটোত নাম পঞ্জীয়ন কৰা জিলাখনৰ মুঠ শিক্ষিত নিবনুৱাৰ সংখ্যা প্ৰায় ৯০ হেজাৰজন ।

জিলা নিয়োগ বিনিময় কেন্দ্ৰটোৰ জৰিয়তে এই ৬টা বছৰত মাত্ৰ ৫২জন পঞ্জীভুক্ত নিবনুৱাই নিযুক্তি লাভ কৰাটোৱে চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, ন'ডেল কেৰিয়াৰ চেণ্টাৰ, এমপ্লইমেণ্ট জেনেৰেচন মিছন আদিৰ চৰম ব্যৰ্থতাৰ ছবিখনকেই প্ৰকট কৰি তোলা পৰিলক্ষিত হয় ।

নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৬ বছৰত নিযুক্তি পালে মাত্ৰ ৫২জনে

  নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ নিযুক্তি বিষয়াৰ কাৰ্যালয়ৰ পৰা তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত আবেদন কৰি লাভ কৰা তথ্যত প্ৰকাশ পোৱা মত, বিগত ২০১৩ বৰ্ষত জিলা নিয়োগ বিনিময় কেন্দ্ৰটোত পঞ্জীভুক্ত শিক্ষিত নিবনুৱাৰ সংখ্যা আছিল ৫৮,৪৫৭জন ।

ইয়াৰে ১৫,০৬৯জন কলা বিভাগৰ, ১৩,০৭৬জন বিজ্ঞানৰ, ৭১১জন আই টি আই, ১২৭জন ডিপ্ল'মা ডিগ্ৰীৰ । ২০১৪ চনত নিয়োগ বিনিময় কেন্দ্ৰটোত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা আছিল ৫৮,১৫৭জন । ইয়াৰ ভিতৰত ১৫,৭২৮জন কলা, ১৩,৭১৩জন বিজ্ঞান, ৭৬২জন আই টি আই আৰু ১৪৪জন ডিপ্ল'মা ডিগ্ৰীৰ ।

২০১৫ বৰ্ষত নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা আছিল ৬৯,৯২৩জন ৷ য'ত ১৪,০৪৫জন কলা শাখাৰ, ১,১৫৭জন বিজ্ঞানৰ, ৮৫০জন আই টি আই আৰু ১৭৫জন ডিপ্ল'মাধাৰী শিক্ষিত নিবনুৱা আছে ।

নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৬ বছৰত নিযুক্তি পালে মাত্ৰ ৫২জনে

আনহাতে, ২০১৬ বৰ্ষত নিয়োগ বিনিময় কেন্দ্ৰটোত পঞ্জীভুক্ত নিবনুৱা আছিল ৫৯,৩২০জন । ইয়াৰে ১৪,৭৯৬জন কলা, ১,২৯৮জন বিজ্ঞান, ৯৩২জন আই টি আই আৰু ২২১জন ডিপ্ল'মাধাৰী আছিল ।

ইপিনে, ২০১৭ বৰ্ষত নিয়োগ বিনিময় কেন্দ্ৰটোত পঞ্জীভুক্ত মুঠ নিবনুৱাৰ সংখ্যা আছিল ৮৮,৪৫৩জন । এওঁলোকৰ ভিতৰৰ ১৫,০৭৪জন কলা, ১,২৫৫জন বিজ্ঞান, ১০১৩জন আই টি আই আৰু ২৬৮জন ডিপ্ল'মাধাৰী । চলিত বিত্তীয় বৰ্ষত নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভুক্ত শিক্ষিত নিবনুৱাৰ সংখ্যা ৯০ হেজাৰৰো অধিক হয়গৈ ।

 আৰ টি আই তথ্যত প্ৰকাশ পোৱা অনুসৰি, নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ২০১৩ বৰ্ষত এজনো পঞ্জীভুক্ত নিবনুৱাই নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।

নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৬ বছৰত নিযুক্তি পালে মাত্ৰ ৫২জনে

ইয়াৰ বিপৰীতে ২০১৪ বৰ্ষত এই নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ১৮জন, ২০১৫ বৰ্ষত ১৩জন, ২০১৬ বৰ্ষত ১১জন আৰু ২০১৭ বৰ্ষত মাত্ৰ ১০জন পঞ্জীভুক্ত নিবনুৱাইহে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ।

জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ নিযুক্তি বিষয়াই দিয়া আৰ টি আই তথ্যত আৰু প্ৰকাশ পোৱা মতে, ২০১৪ বৰ্ষত জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে নিযুক্তি লাভ কৰাসকলৰ ভিতৰৰ এজন কাৰিকৰী শিক্ষাৰ, ৫জন স্নাতক, ৫জন উচ্চতৰ মাধ্যমিক, ৩জন মেট্ৰিক অনুত্তীৰ্ণ ৷

নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৬ বছৰত নিযুক্তি পালে মাত্ৰ ৫২জনে

২০১৫ বৰ্ষত নিযুক্তি পোৱাসকলৰ ভিতৰৰ ১জন কাৰিকৰী, ২জন মেট্ৰিক, ৬জন উচ্চতৰ মাধ্যমিক, ২জন স্নাতক, ২জন মেট্ৰিক অনুত্তীৰ্ণ ৷ ২০১৬ চনত নিযুক্তি পোৱাসকলৰ ভিতৰৰ ১জন মেট্ৰিক, ৯জন উচ্চতৰ মাধ্যমিক, ১জন মেট্ৰিক অনুত্তীৰ্ণ আৰু ২০১৭ বৰ্ষত নিযুক্তি লাভ কৰাসকলৰ ভিতৰৰ ৮জন কাৰিকৰী শিক্ষাৰ, ২জন মেট্ৰিক উত্তীৰ্ণ পঞ্জীভুক্ত নিবনুৱা আছিল ।

জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে নিযুক্তি লাভ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ।

Your Comments