বঙাইগাঁৱৰ চোকাপাৰাত নৈৰ পাৰ খননত ৰাইজৰ বাধা : জিলা উপায়ুক্তৰে আলোচনা

বঙাইগাঁৱৰ চোকাপাৰাত নৈৰ পাৰ খননত ৰাইজৰ বাধা : জিলা উপায়ুক্তৰে আলোচনা

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চোকাপাৰাৰ ডাকুৱাপাৰাৰ কুঁজীয়া নৈৰ পাৰত আজি মাটি খননক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ দ্বৈত ৰে'লপথ নিৰ্মাণৰ নামত এবিচি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই গাঁওখনত থকা নৈপৰীয়া পতিত ভূমিত খনন কৰিবলৈ গৈ ব্যৰ্থ হয় ৷

জানিব পৰা মতে, নিউ বঙাইগাঁৱৰ পৰা যোগীঘোপা হৈ গুৱাহাটীলৈ চলি থকা দ্বৈত ৰে'লপথ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা মাটিৰ বাবে প্ৰথমে প্ৰতিষ্ঠানটোৱে বঙাইগাঁও চহৰৰ গাতে লাগি থকা সন্যাসী পাহাৰত খনন আৰম্ভ কৰিছিল যদিও পিচত ৰাইজৰ প্ৰতিবাদত বন্ধ কৰিবলৈ বাধ্য হৈছিল ৷ ইয়াৰ পিচতে এইবাৰ ডাকুৱাপাৰাত নৈৰ পাৰত মাটি খনন আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছিল ৷

বঙাইগাঁৱৰ চোকাপাৰাত নৈৰ পাৰ খননত ৰাইজৰ বাধা : জিলা উপায়ুক্তৰে আলোচনা

আজি পুৱাৰ ভাগত সাত-আঠখন ডাম্পাৰ, জেচিবি আদি লৈ বৃহৎ দল এটাই গাঁওখনৰ নৈপৰীয়া এঘাৰ বিঘা ভূমিত খনন কাৰ্য চলোৱাৰ বাবে উপস্থিত হয় ৷ কিন্তু কুঁজীয়া নৈৰ পাৰত মাটি খননৰ ফলত স্থানীয় লোকসকলে খহনীয়াৰ কবলত পৰাৰ শংকা ব্যক্ত কৰি বাধা প্ৰদান কৰে ৷

কঁঠালগুৰি, কাটুৰীবাৰী, ডাকুৱাপাৰা আদি গাঁৱৰ শতাধিক লোক খননস্থলীত উপস্থিত হৈ প্ৰতিবাদ জনায় ৷ উক্ত ভূমিত খনন চলিলে নৈখনৰ সুঁতি সলনি হৈ কাষৰীয়া গাঁওবাসীৰ মাটি-ভেঁটি খহনীয়াৰ কবলত পৰিব বুলি প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে ৷

উল্লেখ্য যে ডাকুৱাপাৰাৰ কেইজনমান দাদালে ধনৰ লোভত প্ৰতিষ্ঠানটোক মাটি খনন কৰিবলৈ দিয়া বুলিও প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে ৷ একাংশই গাঁওখনৰ খহনীয়া ৰোধৰ বাবে অজুহাত দেখুৱাই এইদৰে নৈৰ পাৰত খনন চলাই সুঁতি সলনি কৰাৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে ৷

বঙাইগাঁৱৰ চোকাপাৰাত নৈৰ পাৰ খননত ৰাইজৰ বাধা : জিলা উপায়ুক্তৰে আলোচনা

আনকি খনন কাৰ্যৰ অনুমতি প্ৰদান কৰা লোককেইজনকো প্ৰতিবাদকাৰীসকলে জবাবদিহি কৰে ৷ পিচত অৱশ্যে ৰাইজৰ প্ৰতিবাদত সেও মানি খনন নকৰাকৈয়ে ডাম্পাৰ-জেচিবি আদি উভতিবলগীয়া হয় ৷

ইফালে আবেলি জিলা উপায়ুক্ত বাবুলাল শৰ্মাই সেই স্থানত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ উপায়ুক্তগৰাকীয়ে ৰাইজক তেওঁলোকৰ আপত্তি তথা অভিযোগসমূহ লিখিতভাৱে অৱগত কৰিবলৈকো অনুৰোধ জনায় ৷

Your Comments