পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত বিজেপি আৰু কংগ্ৰেছ দল এতিয়া ব্যস্ত হৈ পৰিছে জিলা পৰিষদ গঠনৰ অংকত ৷ ইতিমধ্যে ফলাফল ঘোষিত বেছিসংখ্যক জিলা পৰিষদতে বিজেপি বা কংগ্ৰেছ কোনো এটা দলেই নিজাকৈ জিলা পৰিষদ গঠনৰ জোখাৰে আসন লাভ কৰা নাই ৷
সেয়েহে দুয়োটা দলেই এতিয়া নিজৰ প্ৰয়োজনীয় আসন পূৰাবৰ বাবে বিভিন্ন সমীকৰণত ব্যস্ত ৷ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ৷
কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই ১১খন জিলাৰ জিলা পৰিষদ গঠনৰ বিভিন্ন দিশ চোৱাচিতা কৰিবৰ বাবে ১১গৰাকী পৰ্যবেক্ষক নিযুক্তি দিছে ৷ প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰা স্বাক্ষৰিত আৰু ৰাজীৱ ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত এই কথা ঘোষণা কৰা হৈছে ৷
উক্ত বিবৃতি অনুসৰি বিভিন্ন জিলাত নিযুক্তি দিয়া পৰ্যবেক্ষকসকল তলত দিয়া ধৰণৰ-
১) ৰাণা গোস্বামী- যোৰহাট
২) ভূপেন কুমাৰ বৰা- দৰং
৩) পৃথ্বি মাঝি- শিৱসাগৰ
৪) ডঃ ভগীৰথ কৰণ- নগাঁও
৫) পংকজ বৰবৰা- মৰিগাঁও
৬) দুৰ্লভ চমুৱা- হোজাই
৭) জয়নাথ শৰ্মা- বৰপেটা
৮) জাকিৰ হুছেইন শিকদাৰ- গোৱালপাৰা
৯) ৰেকিবুদ্দিন আহমেদ- ধুবুৰী
১০) অজিত সিং- কৰিমগঞ্জ
১১) শ্ৰী কিশোৰ ভট্টাচাৰ্য- গোলাঘাট
- Log in to post comments
- 61 views