গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
দীৰ্ঘদিনৰ পৰা গোলাঘাটত বৃদ্ধি পোৱা জুৱাৰ আড্ডাৰ বিৰুদ্ধে সৰৱ হ'ল গোলাঘাট আৰক্ষী । দেওবাৰে নিশা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাটৰ কছাৰীহাট অঞ্চলৰ এটা জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে ।
বহুদিনৰ পৰা এই জুৱাৰ ঘাটিয়ে সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছিল যদিও দেওবাৰে মাইনা খান, ৰাজু আলী, ভাইটি ৰহমান আৰু ৰফিকুল হুছেইন নামৰ চাৰিজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ।
জানিব পৰামতে, অতি সোনকালে গোলাঘাটৰ অন্যান্য অঞ্চলতো চলিব জুৱাৰ বিৰুদ্ধে অভিযান । আৰক্ষীৰ জুৱা ঘাটিৰ বিৰুদ্ধে লোৱা এনে তৎপৰতাত গোলাঘাটৰ সচেতন ৰাইজে প্ৰশংসা কৰিছে ।
- Log in to post comments
- 22 views