ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এক অনুষ্ঠুপীয়া অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানটিত হোজাই জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ উপস্থিতিত ডবকাৰ সামাজিক অনুষ্ঠান জয় আই প্ৰগ্ৰেছিভ চ'ছাইটিয়ে লামডিঙৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ফণীভূষণ চক্ৰৱৰ্তীৰ হাতত ২০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহাৰ্য তুলি দিয়ে ৷
ক্ৰীড়াবিদগৰাকীৰ হাতত সংস্থাটোৰ সম্পাদক হাচান আহমেদ আৰু হোজাই জিলা উপায়ুক্তই খেলুৱৈগৰাকীৰ হাতত বিশ হাজাৰ টকাৰ এখন চেক তুলি দিয়ে ৷ অহা বছৰ জানুৱাৰীত মধ্যপ্ৰদেশত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশ ল'বলৈ যাওঁতে ক্ৰীড়াবিদগৰাকী আৰ্থিক সংকটৰ সন্মুখীন হৈছিল ৷
সেই সময়ত ক্ৰীড়াবিদ গৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহে ডবকাৰ সামাজিক অনুষ্ঠানটো ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে খেলুৱৈ গৰাকীয়ে ২০১৮ চনৰ ৭ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা ৬ষ্ঠ সংখ্যক আন্তঃৰাষ্ট্ৰীয় "শক্তি উত্তোলন আৰু ইনক্লাইন বেঞ্চ প্ৰেছ" প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷
অহা বৰ্ষৰ জানুৱাৰীৰ মাজভাগত মধ্যপ্ৰদেশৰ পুঞ্চত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় শক্তি উত্তোলনৰ দুটা ইভেন্টত দেশক প্ৰতিনিধিত্ব কৰিব লামডিঙৰ ফণীভুষণ চক্ৰৱৰ্তীয়ে ৷ এইগৰাকী খেলুৱৈক ডবকাৰ সামাজিক অনুষ্ঠানটোৱে আৰ্থিক সাহায্য প্ৰদান কৰি মানৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰে ৷
- Log in to post comments
- 16 views