বঙাইগাঁৱত দীনদয়াল দিব্যাংগ পুনৰ সংস্থাপন আঁচনিৰ বাবে আৱেদনৰ আহ্বান 

ো

দীন দয়াল দিব্যাংগ পুনৰসংস্থাপন আঁচনিৰ বাবে বঙাইগাঁৱৰ বিশেষভাৱে সক্ষম ব্যক্তিসকল পৰা ২০১৮-২০১৯ বিত্তীয় বৰ্ষৰ বাবে আৱেদন-পত্ৰ আহ্বান কৰা হৈছে ৷ আৱেদন-পত্ৰসমূহ অহা ২৯ ডিচেম্বৰৰ ভিতৰত বঙাইগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব ৷ নিৰ্দিষ্ট প্ৰ-প্ৰত্ৰৰ নমুনা জিলা সমাজ কল্যাণ বিষয়া আৰু শিশু বিকাশ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত চাব পাৰিব ৷

আৱেদন-পত্ৰ দাখিল কৰিবলৈ দিব্যাংগ লোকসকলে আৱেদন-পত্ৰৰ লগত বিশেষভাৱে সক্ষম ব্যক্তিৰ (৪০ শতাংশ) প্ৰমাণ-পত্ৰৰ প্ৰত্যায়িত কপি গাঁথি দিব লাগিব ৷ আৱেদনকাৰীসকলৰ বয়স ১৮ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হ'ব লাগিব আৰু স্থানীয় বাসিন্দাৰ প্ৰমাণ-পত্ৰ গাঁথি দিব লাগিব ৷ শিক্ষাগত অৰ্হতা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ৷ বছৰি আয় দুই লাখ টকাৰ তলত হ'ব লাগিব ৷ কাৰিকৰী শিক্ষাত প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব আৰু আৱেদনকাৰীৰ নিজৰ নামত ৰাষ্ট্ৰীয়কৃত বেংকত বেংকৰ একাউন্ট থাকিব লাগিব আৰু একাউন্ট বহীৰ প্ৰথম পৃষ্ঠাৰ প্ৰত্যায়িত কপি গাঁথি দিব লাগিব ৷

আৱেদনকাৰীসকলে প্ৰ- প্ৰত্ৰৰ লগত একপি পাচপোৰ্ট আকাৰৰ ফটোও গাঁথি দিব লাগিব ৷ লগতে আৱেদন-পত্ৰত উল্লেখ থকা আঁচনিৰ বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন থাকিব লাগিব আৰু দক্ষতা বিকাশ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰমাণ-পত্ৰ গাঁথি দিব লাগিব ৷ আৱেদনকাৰীয়ে ব্যৱসায় কৰা ঠাইখনৰ (উদ্যোগ, দোকান, অনুষ্ঠান, বৈদ্যুতিক কাম, মৌ পালন, বাঁহ-বেতৰ কাম আদি) এখন ফটো আৱেদনৰ লগত গাঁথি দিব লাগিব ৷

আনহাতে আৱেদনকাৰী অনুসূচিত জাতি, জনজাতি, চাহ জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হ'লে প্ৰমাণ-পত্ৰ গাঁথি দিব লাগিব ৷ উল্লেখ্য যে জিলাখনৰ অন্তৰ্গত তিনিওটা বিধানসভা সমষ্টি ক্ৰমে- বঙাইগাঁও, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ পৰা ১১ জনকৈ মুঠ ৩৩ জনৰ লগতে অতিৰিক্তভাৱে আন ৩ জনক এই অনুদান প্ৰদান কৰা হ'ব ৷
 

Your Comments