ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মোহাম্মদৰ জীৱনাদৰ্শ যুৱ প্ৰজন্মৰ ওচৰত দাঙি ধৰাৰ মানসেৰে আজি ডবকাৰ সমীপৰ পূব জাৰুণী পাব্লিক স্কুলত চিৰতুন্নবী (ছঃ) অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ আজি দিনজোৰা কাৰ্যসূচীৰে পূব জাৰুণী পাব্লিক স্কুল চৌহদত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত পুৱাৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি কুইজ, আবৃত্তি, ৰচনাৰ লগতে বক্তৃতাৰ আয়োজন কৰা হয় ৷
তাৰ পিছতে দিনৰ এক বজাত মুকলি সভাৰ আয়োজন কৰা হয় ৷ মৌলানা আতাউৰ ৰহমান খানৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত হজৰত মোহাম্মদৰ জীৱন, দৰ্শন আৰু সমাজ ৰাজনৈতিক জীৱনৰ ওপৰত সাংবাদিক জমিৰ উদ্দিন তালুকদাৰ, অধ্যাপক ৰচিদ আহমেদ, হোজাই মৰ্কজুল মাৰিফৰ কাৰ্যকৰী সভাপতি চামচুল হক চৌধুৰী, দেৱান আব্দুল আলিম চৌধুৰী, অসম দাৰুল হাদীছ জয়নগৰ মাদ্ৰাছাৰ অধ্যক্ষ মুফতী মোহাম্মদ আলী, ডবকা আনফৰ আলী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মছদ্দৰ আলী লস্কৰসহ বহু কেইগৰাকী সমল ব্যক্তিয়ে নিৰ্ধাৰিত বিষয়ৰ ওপৰত ভাষণ আগবঢ়ায় ৷
উদ্যোক্তাসকলে প্ৰতিগৰাকী বক্তাক বিষয় নিৰ্দিষ্ট কৰি দিয়ে ৷ সেইমতে সাংবাদিক জমিৰ উদ্দিন তালুকদাৰে ইছলামৰ দৃষ্টিত প্ৰতিবেশী আৰু সমাজ, দেৱান আব্দুল আলিমে ইছলামৰ দৃষ্টিত সন্তানৰ লালন-পালন, মছদ্দৰ আলী লস্কৰে বিশ্ব শান্তি আৰু ইছলামৰ ওপৰত নিজৰ বক্তব্য আগবঢ়ায় ৷ সভাত স্থানীয় বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ লগতে স্থানীয় ৰাইজে অংশ লয় ৷ সভাত আদৰণি ভাষণ দিয়ে বিদ্যালয়খনৰ অন্যতম ন্যাসৰক্ষী নজিৰ উদ্দিন লস্কৰে ৷
- Log in to post comments
- 26 views