নগাঁৱৰ পৰা ৱাহিদুদ জামান
এক হত্যাৰ গোচৰত অভিযুক্ত দুই অপৰাধীক আজি নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ (১ নং) আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ।
জানিব পৰামতে, জিলাখনৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বকুলগুৰি নলাৰপাৰ নিবাসী শিক্ষক ইলিয়াছ আলীৰ দ্বিতীয় পুত্ৰ আনোৱাৰ হুছেইন (১৪) নামৰ নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীক ২০১৭ চনৰ ২৭ জুনৰ সন্ধ্যা ঘৰৰ পদূলিমুখৰ পৰা মাতি নি একেখন গাঁৱৰে ছাইফুল ইছলাম আৰু খাইৰুল ইছলাম নামৰ দুই দুৰ্বৃত্তই অপহৰণ কৰিছিল ।
পিছত পৰিয়ালৰ লোকে বিচৰা-খোচাৰ কৰি অৱশেষত একেদিনাই নিশা ঘৰৰ পৰা কিছু নিলগত থকা এখন তামোল বাৰীত আনোৱাৰ হুছেইনৰ মৃত্যুদেহ উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিছিল ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষী থানাত ৰুজু হোৱা ১৬৯/১৭ নম্বৰৰ ভিত্তিত নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (১নং) আদালতৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰি আজি হত্যাকাৰী দুজনৰ বিৰুদ্ধে ৰায়দান কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ আৰু ৩৪ ধাৰাৰ অধীনত অভিযুক্ত দুজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।
ফৈৰাদী পক্ষৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে চৰকাৰী লোক অধিবক্তা (public proceecutor) বিভা ফুকনে । আজি ৰায়দান কৰাৰ পিছত ভুক্তভোগী আনোৱাৰ হুছেইনৰ পিতৃ শিক্ষক ইলিয়াছ আলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মাননীয় আদালতে তেওঁক ন্যায় প্ৰদান কৰিছে ।
লগতে পুত্ৰক হেৰুৱা শোকত আৱেগিক হৈ পৰা আলীয়ে ন্যায়-আদালতৰ প্ৰতি বিশ্বাস ৰাখিবলৈ সকলোকে আহ্বান জনায় ।
- Log in to post comments
- 15 views