১৭ ডিচেম্বৰত মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীৰূপে শপত ল'ব কমল নাথে

১৭ ডিচেম্বৰত মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীৰূপে শপত ল'ব কমল নাথে

ভূপালৰ লাল পেৰেড গ্ৰাউণ্ডত অহা ১৭ তাৰিখে মধ্য প্ৰদেশৰ নতুন মুখ্য মন্ত্ৰীৰূপে শপত ল'ব কমল নাথে ৷ উল্লেখ্য যে বৃহস্পতিবাৰে আবেলি মধ্য প্ৰদেশ কংগ্ৰেছৰ নেতা কমল নাথক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী হিচাপে ঘোষণা কৰা হৈছিল ৷

আনহাতে, ৰাজ্যখনত কাকো উপ-মুখ্য মন্ত্ৰীৰ পদ দিয়া হোৱা নাই ৷ এক আকৰ্ষণীয় ৰাজনৈতিক কেৰিয়াৰৰ অধিকাৰী ৭২ বৰ্ষীয় অভিজ্ঞ ৰাজনীতিকগৰাকীয়ে প্ৰথমবাৰৰ বাবে মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ত পদাৰ্পণ কৰিব ৷

১৭ ডিচেম্বৰত মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীৰূপে শপত ল'ব কমল নাথে

মধ্য প্ৰদেশৰ চিন্দৱাৰা সমষ্টিৰ পৰা ৯বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা কমল নাথ ষষ্ঠদশ লোকসভাৰ প্ৰ'টেম অধ্যক্ষ আছিল ৷ আনহাতে, প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ প্ৰথম কাৰ্যকালত তেওঁ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে দেশলৈ সেৱা আগবঢ়োৱাৰ লগতে ২০০৯ৰ মে' মাহৰ পৰা ২০১১ৰ জানুৱাৰীলৈকে পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বততো আছিল ৷

উল্লেখ্য যে চলিত বৰ্ষৰ মে' মাহত কমল নাথ মধ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷ এতিয়া ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হিচপে নিৰ্বাচিত হোৱাৰ পিছত কমল নাথৰ সন্মুখত মুখ্য প্ৰত্যাহ্বান হ'ব আগন্তুক এপ্ৰিল-মে' মাহত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচন ৷

এই নিৰ্বাচনত দলক কেনেদৰে নেতৃত্ব প্ৰদান কৰি সফলতা অৰ্জন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

Your Comments