ৰাজস্থানৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী অশোক গেহলট

ৰাজস্থানৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী অশোক গেহলট

বহু জল্পনা-কল্পনাৰ অন্তত আজি নতুন দিল্লীত এ আই চি চিয়ে ঘোষণা কৰে ৰাজস্থানৰ পৰৱৰ্তী মুখ্য মন্ত্ৰীৰ নাম ৷ ৰাজস্থানৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলট হ'ব ৰাজ্যখনৰ নতুন মুখ্য মন্ত্ৰী ৷ আনহাতে, শচীন পাইলট হ'ব উপ-মুখ্য মন্ত্ৰী ৷

উল্লেখ্য যে ৰাজস্থান বিধানসভা নিৰ্বাচনত ঐতিহাসিকভাৱে কংগ্ৰেছে শাসনৰ গাদী দাখিল কৰা পিছত মুখ্য মন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত এক প্ৰকাৰ বিপদত পৰিছিল কংগ্ৰেছ ৷

ৰাজস্থানৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী অশোক গেহলট

কিয়নো ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল জ্যেষ্ঠ আৰু অভিজ্ঞ নেতা অশোক গেহলট আৰু যুৱ ৰাজনীতিক শচীন পাইলটে ৷

পৰৱৰ্তী সময়ত এই দুয়োগৰাকী নেতাৰ মাজৰ পৰা মুখ্য মন্ত্ৰী পদৰ বাবে কাক নিৰ্বাচিত কৰিব তাক লৈ এক প্ৰকাৰ জটিলতাৰ সন্মুখীন হৈছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধী ৷

ৰাজস্থানৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী অশোক গেহলট

কিয়নো দুয়োগৰাকী নেতাৰে ৰাজ্যখনৰ ৰাজনীতিত আছে সুকীয়া প্ৰভাৱ ৷ বিষয়টো সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণৰ বাবে ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ ৩ লাখ কৰ্মীক ভইচ মেছেজ প্ৰেৰণ কৰি তেওঁলোকৰ পৰা মতামতো আহ্বান কৰিছিল ৷

ৰাজস্থানৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী অশোক গেহলট

অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই আজি অশোক গেহলটক ৰাজস্থানৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী হিচাপে ঘোষণা কৰে এ আই চি চিয়ে ৷ আনহাতে, শচীন পাইলটক উপ-মুখ্য মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয় ৷

Your Comments