লখিমপুৰ জিলা নাৰায়ণপুৰৰ গনকদলনীৰ এহাল ককা-আইতা ৷ নাম মুহিৰাম দাস আৰু নাদুল দাস ৷ আছে ভোটাধিকাৰ কিন্তু নাপায় কোনো চৰকাৰী সুবিধা ৷ নিৰ্বাচনৰ সময়ত নানা প্ৰতিশ্ৰুতি লৈ আহে জনপ্ৰতিনিধি ৷ কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত পাহৰি যায় দুখীয়া-নিচলা তথা মুহিৰাম দাস আৰু নাদুল দাসৰ দৰে ককা-আইতাক দিয়া প্ৰতিশ্ৰুতিবোৰ ৷
৭৫ আৰু ৬০ বছৰীয়া ককা-আইতাই পোৱা নাই বৃদ্ধৰ বাবে দিয়া বৃদ্ধ পেন্সন ৷ ১৮ বছৰ আগতেই কংগ্ৰেছ চৰকাৰৰ দিনত এটা ঘৰ লাভ কৰিছিল যদিও মেৰামতিৰ অভাৱত পৰ্যবসিত হৈছে জুপুৰী সদৃশ বাসগৃহলৈ ৷ পুত্ৰ-বোৱাৰী চৰম অৱহেলাৰ বাবে তেওঁলোকে নিথৰুৱাভাৱে জীৱন-নিৰ্বাহ কৰিবলগীয়া হৈছে ৷
বৃদ্ধ বয়সত তেওঁ চৰকাৰৰ পৰা কোনো আশা নকৰি নিজেই কৰ্ম কৰি তেওঁৰ পত্নী নাদুল দাসৰ সৈতে এসাজ খাই এসাজ নাখায়েই অতিক্ৰম কৰিছে জীৱন ৷ পৰিবৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক তথা নিজকে দুখীয়া-নিচলাৰ বন্ধু বুলি কোৱা দেবানন্দ হাজৰিকাৰ চকুত পৰিবনে মুহিৰাম আৰু নাদুল দাসৰ দৰে ককা-আইতাক ৷ সেয়া সময়তহে লক্ষণীয় হ'ব ৷
- Log in to post comments
- 10 views